ৱাকফ সংশোধনী বিধেয়ক ২০২৪ৰ বাবে গঠিত যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ জগদম্বিকা পালে সোমবাৰে (৩ ফেব্ৰুৱাৰী) বাজেট অধিৱেশনৰ সময়ত লোকসভাত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে।
ৱাকফ (সংশোধনী) বিধেয়কৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে যোৱা বৃহস্পতিবাৰে (৩০ জানুৱাৰী) লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত খচৰা প্ৰতিবেদন দাখিল কৰিছিল।
সেই সময়ত শাসকীয় দলৰ সদস্য উপস্থিত আছিল যদিও বিৰোধীৰ এজনো সাংসদ উপস্থিত নাছিল। উল্লেখ্য যে ইয়াৰ এদিন পূৰ্বে যুটীয়া সংসদীয় সমিতিয়ে খচৰা প্ৰতিবেদনত অনুমোদন জনাইছিল।
লোকসভাৰ অধ্যক্ষৰ ওচৰত প্ৰতিবেদন দাখিলৰ সময়ত বিৰোধী সাংসদসকলৰ অনুপস্থিতিৰ বিষয়ে সোধাত পালে কৈছিল, ‘সকলোৰে নিজস্ব অংশগ্ৰহণ আছে। মই সকলোকে নিমন্ত্ৰণ কৰিছিলো। সংশোধনীৰ গুৰুত্বপূৰ্ণ বৈঠকত বিৰোধী দলৰ সকলো সাংসদে অংশগ্ৰহণ কৰে। তেওঁলোকে ভোটদানতো অংশ লৈছিল। এডপচনতো আহিছিল।’