ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ ছামীয়ে বহুদিনৰ মূৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি আহিছে। ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত মহম্মদ ছামীয়ে খেলিছিল যদিও তেওঁক পূৰ্বৰ সেই ফৰ্মত দেখা পোৱা নাছিল।
টি-২০ শৃংখলাটোত আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হ’লেও ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰু আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে নিৰ্বাচিত হৈছে মহম্মদ ছামী।
ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই মহম্মদ শ্বামীৰ বাছনি আৰু ফৰ্মক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মহম্মদ ছামীৰ হৈ মাত মতা পৰিলক্ষিত হৈছে ৰোহিত শৰ্মাই। মহম্মদ ছামীৰ বাছনিৰ কাৰণ কি কি আছিল সেই কথাও তেওঁ কয়।
ৰোহিত শৰ্মাই কয় যে মহম্মদ ছামীয়ে এবছৰতকৈ অধিক সময় ক্ৰিকেট খেলা নাই, ইমান সোনকালে কোনো খেলুৱৈক প্ৰশ্ন কৰিব নোৱাৰি। যোৱা ১০-১২ বছৰ ধৰি ভাৰতৰ হৈ খেলি অহা মহম্মদ ছামীয়ে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াই আহিছে। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত মহম্মদ শ্বামীয়ে এক উজ্জ্বল বলিং প্ৰদৰ্শন আগবঢ়ায়।
ৰোহিত শৰ্মাই আৰু ধেমালিতে কয় যে আমাৰ স্মৃতিশক্তি বৰ ভাল নহয়, আমি মনত ৰাখিব লাগিব যে মহম্মদ ছামীয়ে এদিনীয়া বিশ্বকাপত নিজাববীয়াকৈ বহু মেচত জয়ী কৰাইছিল। ছামীয়ে কেইবাখনো মেচত ৫টা উইকেট দখল কৰিছিল।