উৰ্বশী ধোলাকিয়া এগৰাকী জনপ্ৰিয় টিভি অভিনেত্ৰী। ‘কসৌটি জিন্দাগী কে’ত কমলিকাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বহু শিৰোনাম দখল কৰিছিল। পেছাদাৰী জীৱনত সফল হোৱা উৰ্বশীৰ ব্যক্তিগত জীৱন অতি অশান্ত।
অভিনেত্ৰীগৰাকীয়ে মাত্ৰ ১৮ বছৰ বয়সতে স্বামীৰ সৈতে বিচ্ছেদ ঘটাই পুত্ৰ ক্ষীতিজ আৰু সাগৰক অকলেই ডাঙৰ-দীঘল কৰাৰ সিদ্ধান্ত লয়।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত উৰ্বশীয়ে নিজৰ বিবাহ-বিচ্ছেদৰ বিষয়ে মুকলিকৈ কয় আৰু স্বীকাৰ কৰে যে তেওঁৰ বাবে সেয়া সহজ নাছিল। ১৮ বছৰ বয়সত হোৱা বিবাহ বিচ্ছেদে তেওঁৰ ওপৰত বিপুল প্ৰভাৱ পেলোৱা বুলি প্ৰকাশ কৰে।
৪৫ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, বিবাহ বিচ্ছেদৰ পিছত তেওঁ নিজকে এমাহৰ বাবে এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল।
৪৫ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, বিবাহ বিচ্ছেদৰ পিছত তেওঁৰ সন্তানৰ পিতৃ কেতিয়াও তেওঁৰ সংস্পৰ্শত নাছিল।
অভিনেত্ৰীগৰাকীয়ে ‘কসৌতি জিন্দগী কে’, ‘দেখ ভাই দেখ’, ‘ঘৰ এক মন্দিৰ’, ‘কভি সৌতন কভি চহেলী’, ‘মেহন্দি তেৰে নাম কি’ আৰু ‘কহিন টো হোগা’ আদি বহু হিট শ্ব’ কৰি স্বীকৃতি অৰ্জন কৰিছে।