ভাৰতীয় সেনাই ৪-৫ ফেব্ৰুৱাৰীৰ ভিতৰত জম্মু-কাশ্মীৰত বৃহৎ সফলতা অৰ্জন কৰিছে। ভাৰতীয় সেনাই এক অভিযানত ৭ গৰাকী পাকিস্তানী সন্ত্ৰাসবাদীক নিহত কৰাৰ খবৰ আহিছে। নিহত সন্ত্ৰাসবাদী সকলৰ কিছু পাকিস্তানৰ সীমান্ত একচন টিম আৰু কিছু কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল-বদৰৰ সৈতে জড়িত।
ভাৰতীয় সেনাৰ জম্মু-কাশ্মীৰৰ কৃষ্ণা উপত্যকা এলেকাৰ নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাই ৭ জন পাকিস্তানী অনুপ্ৰৱেশকাৰীক হত্যা কৰিছে। ইয়াৰ ভিতৰত আল-বদৰ সন্ত্ৰাসবাদী আৰু পাকিস্তানী সেনাৰ জোৱান আছিল।
তথ্য অনুসৰি এই অনুপ্ৰৱেশকাৰীয়ে ভাৰতীয় পোষ্টটোত আক্ৰমণৰ চেষ্টা চলাইছিল। ৪-৫ ফেব্ৰুৱাৰীৰ ভিতৰত এই পাকিস্তানী অনুপ্ৰৱেশকাৰীক হত্যা কৰা হৈছিল। এই অনুপ্ৰৱেশকাৰীসকলৰ অধিকাংশই পাকিস্তান সীমান্ত একচন টিমৰ সৈতে জড়িত আছিল।
উল্লেখ্য যে, সীপাৰৰ অনুপ্ৰৱেশকাৰী তথা সন্ত্ৰাসবাদীৰ গতি বিধিৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনী আৰু ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখা আৰু জম্মু-কাশ্মীৰৰ অভ্যন্তৰীণ অঞ্চলত চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে।
শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ নিৰাপত্তা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। তেওঁ নিৰাপত্তা বাহিনীক ‘শূন্য অনুপ্ৰৱেশ’ বজাই ৰাখিবলৈ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছিল। কুলগাম জিলাত সন্ত্ৰাসবাদীয়ে অৱসৰপ্ৰাপ্ত জোৱান মনজুৰ আহমদ ৱাগাই হত্যা কৰা ঘটনাৰ পিছতে অনুষ্ঠিত হৈছিল এই বৈঠক।