দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা-বিশ্বাস ৰাখি দিল্লীবাসীয়ে যি ৰায় প্ৰদান কৰিলে তাৰ বাবে ভোটাৰ ৰাইজক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছো। এই চেগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ।
দিল্লীত দলৰ অভূতপূৰ্ব বিজয়ৰ পিছত দিয়া এক বিবৃতিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতিজনে কয় যে এইবাৰ দিল্লীৰ জনতাই নিৰ্বাচনত আম আদমী পাৰ্টিৰ দুমুখীয়া চৰিত্ৰক সমুলাঞ্চে প্ৰত্যাখ্যান কৰিলে।
শইকীয়াই পুনৰ কয় যে সততে দুৰ্নীতি বিৰোধী কথা কোৱা কেজৰিৱালৰ চৰকাৰৰ কেবাজনো মন্ত্ৰী দুৰ্নীতিত লুটুৰি-পুটুৰি হৈ জে’লৰ ভাত খাবলগীয়া হোৱাত আপৰ মুখা সোলকি পৰে। বিয়াগোম সুৰা কেলেংকাৰীত কেজৰিৱালৰ কেবাজনো মন্ত্ৰী-সাংসদ জড়িত হোৱাত আপ চৰকাৰখনে যে দুৰ্নীতি-ভ্ৰষ্টাচাৰক প্ৰশ্ৰয় দিছিল সেয়া স্পষ্ট হৈ পৰে।
দিল্লীৰ জনতাই এনেকুৱা ভ্ৰষ্টাচাৰত নিমজ্জিত দলক শাসনৰ পৰা বিতাড়িত কৰিলে বুলিও সভাপতি শইকীয়াই মন্তব্য কৰে।
শইকীয়াই পুনৰ কয় যে সমান্তৰালভাৱে দিল্লীৰ জনতাই দেশৰ বিকাশক সন্মুখৰ পৰা নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি আস্থা আৰু বিশ্বাস স্থাপন কৰাটো আছিল সময়ৰ আহ্বান। দিল্লীৰ বিকাশৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ যে বিকল্প নাছিল সেয়া দিল্লীৰ জনতাই ভালধৰণে বুজি পাইছে।
কংগ্ৰেছ দল সম্পৰ্কেও মন্তব্য কৰি সভাপতি শইকীয়াই কয় যে বিজেপিৰ বিকল্প কংগ্ৰেছ কেতিয়াও হ’ব নোৱাৰে সেয়া দিল্লীত পুনৰবাৰ ভোটাৰ ৰাইজে প্ৰমাণ কৰি দিলে। কংগ্ৰেছৰ প্ৰতি থকা আস্থাহীনতা প্ৰকাশ কৰি দলটোক সমুলাঞ্চে প্ৰত্যাখ্যান কৰাটো দিল্লীৰ নিৰ্বাচনৰ আছিল অন্য এক তাৎপৰ্যপূৰ্ণ দিশ।