উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ পৰা আহিছে এক অত্যন্ত দুখজনক খবৰ। এক ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ ১২১ জন লোকৰ মৃত্যু হৈছে। এই কথা নিশ্চিত কৰিছে ৰাজ্যখনৰ এগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াই।
তথ্য অনুসৰি ভোলে বাবাৰ সৎসঙ্গত হঠাতে হোৱা হুলস্থুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। মৃতকৰ ভিতৰত আছে মুঠ ২৩ গৰাকী মহিলাও অন্তৰ্ভুক্ত।
এগৰাকী শীৰ্ষ চিকিৎসা বিষয়া ডাঃ উমেশ কুমাৰ ত্ৰিপাঠীয়ে ২৭টা মৃতদেহ নিশ্চিত কৰিছে। নিহতসকলৰ ভিতৰত আছে ১ জন পুৰুষ, ২৩ গৰাকী মহিলা আৰু ৩ গৰাকী শিশু।
এই ভয়ংকৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে হাথৰছৰ পদপিষ্ট ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু হৃদয় বিদাৰক। ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা।
ইয়াৰ উপৰি পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থললৈ দুগৰাকীকৈ মন্ত্ৰী, ৰাজ্যখনৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি শীৰ্ষ পৰ্যায়ৰ বিষয়াক ৰাওনা হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্য মন্ত্ৰীগৰাকীয়ে।