ৰাছিয়াৰ এটা বিয়েৰ কোম্পানীৰ কেনত ‘জাতিৰ পিতা’ মহাত্মা গান্ধীৰ ছবি। মহাত্মা গান্ধীৰ ছবি ব্যৱহাৰ কৰাৰ ফটো ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰাত কোম্পানীটোৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটা পৰিলক্ষিত হৈছে।
ওড়িশাৰ সুপৰ্ণা সতপতি নামৰ এজন নেতাই মহাত্মা গান্ধীৰ ছবি থকা ৰিভাৰ্ছ বিয়েৰৰ কেনৰ ফটো শ্বেয়াৰ কৰাৰ পিছতে বিতৰ্ক আৰম্ভ হয়।
ছ’চিয়েল মিডিয়া ছাইট এক্সযোগে সুপৰ্ণা সতপতিয়ে এটা প’ষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা এই সমগ্ৰ ঘটনাটোৰ হস্তক্ষেপ বিচৰাৰ লগতে ৰাছিয়া কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি বিষয়টো নিষ্পত্তি কৰিবলৈ অনুৰোধ জনায়।
তেওঁ কেপশ্যনত লিখিছে, ‘মিত্ৰ দেশ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সন্মুখত এই বিষয়টো উত্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মোৰ বিনম্ৰ অনুৰোধ। মহাত্মা গান্ধীৰ নামত ৰাছিয়াৰ ৰিৱৰ্ট নামৰ কোম্পানীটোৱে বিয়েৰ বিক্ৰী কৰি আছে।’
আনহাতে ইনষ্টাগ্ৰামৰ জৰিয়তেও দুজন ভাৰতীয় পুৰুষৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দুয়োজনকে ৰিৱৰ্ট বিয়েৰ কেনৰ সৈতে দেখা গৈছে।
এই ছবি ভাইৰেল হোৱাৰ পিছতে এতিয়া সামাজিক মাধ্যমত বিষয়টোৱে তুমূল বিতৰ্কৰ সৃষ্টি কৰিছে।