শনিবাৰে নিশা নতুন দিল্লী ৰে’লৱে ষ্টেচনত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। যাত্ৰীৰ অত্যধিক ভিৰৰ বাবে ১৪ আৰু ১৫ নম্বৰ প্লেটফৰ্মত হোৱা হেঁচা-ঠেলাত দুৰ্ভাগ্যজনকভাৱে ১৮ জন লোকে প্ৰাণ হেৰুৱায়। এই ঘটনাত আন বহু লোক আহত হোৱা বুলিও জানিব পৰা গৈছে।
উল্লেখ্য যে, মহাকুম্ভ মেলালৈ যাবৰ বাবে ষ্টেচনটোত গোট খাইছিল হাজাৰ-হাজাৰ লোক। ১৩-১৪ নম্বৰ প্লেটফৰ্মত জনসমাগম ইমানেই বৃদ্ধি পাই যে একাংশ লোকে শ্বাহৰুদ্ধ হৈ পৰে। ইয়াৰ উপৰি এই লোকসকলে ৰে’লত উঠিবলৈ হেতাওপৰা লগোৱাৰ ফলতেই এই কৰুণ ঘটনাটো সংঘটিত হয়।
এই ঘটনাটোত মৃত্যু হোৱা লোকৰ ভিতৰত অধিকাংশই হৈছে মহিলা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি মৃতসকলৰ ভিতৰত আছে ১৪ গৰাকী মহিলা আৰু চাৰিটা শিশু।
ইফালে শনিবাৰে নিশা নতুন দিল্লী ৰে’লৱে ষ্টেচনত সংঘটিত মৰ্মান্তিক ঘটনাত প্ৰাণ হানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিষয়াসকলৰ উপস্থিতিত উদ্ধাৰ আৰু সহায় আগবঢ়োৱা হৈছে।
ঘটনা সন্দৰ্ভত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিল্লী আৰক্ষী আৰু আৰ পি এফে নতুন দিল্লী ৰে’ল ষ্টেচনত উপস্থিত হৈছে। আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু হঠাতে বৃদ্ধি পোৱা ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ ৰে’ল চলোৱাৰ ব্যৱস্থা কৰা হৈছে।
আনহাতে পদপিষ্টৰ এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে প্ৰতিগৰাকী মৃতকৰ আত্মীয়লৈ ১০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে।