আমেৰিকা ভ্ৰমণৰ পিছতেই ভাৰতলৈ সুখবৰ। বিশ্বৰ সৰ্ববৃহৎ কোম্পানী টেছলাৰ এসপ্তাহৰ ভিতৰতে এখন বিশাল প্লেন ইণ্ডিয়া প্ৰস্তুত কৰিছে।
যাৰ বাবে প্ৰাৰম্ভিক পৰ্যায়তে টেছলা কোম্পানীয়ে ভাৰতৰ বাবে দুহাজাৰ খালী পদৰ কথা ঘোষণা কৰিছে। যদি আপোনাৰো অভিযান্ত্ৰিক, বিক্ৰী বা পৰিচালনাৰ অভিজ্ঞতা আছে, তেন্তে আপুনিও বিশ্বৰ সৰ্ববৃহৎ কোম্পানীটোৰ অংশ হ’ব পাৰে।
অনাগত দিনত বেটাৰী নিৰ্মাণ কোম্পানী টেছলা পাৱাৰ ইণ্ডিয়াই ভাৰতত বহুখিনি সম্প্ৰসাৰণ কৰিবলৈ ওলাইছে। ব্যৱসায়িক সম্প্ৰসাৰণৰ অংশ হিচাপে নতুন নিযুক্তিৰ কথা চিন্তা কৰিছে কোম্পানীটোৱে। সোমবাৰে জাৰি কৰা এক বিবৃতিত এই তথ্য দিছে টেছলাই।
টেছলা পাৱাৰ ইণ্ডিয়াইও শেহতীয়াকৈ পুৰণি বেটাৰী ৰিকণ্ডিচন আৰু বিক্ৰীৰ বাবে নিজৰ বেটাৰী ব্ৰেণ্ড ৰেষ্ট’ৰ মুকলি কৰিছে। ২০২৬ চনৰ ভিতৰত সমগ্ৰ দেশতে ৫ হাজাৰ ৰিষ্ট’ৰ ব্ৰেণ্ড ষ্ট’ৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে।
ভাৰতীয় বজাৰত বৈদ্যুতিক বাহনৰ বজাৰে ক্ৰমান্বয়ে গতি লাভ কৰিছে। টেছলাৰ জাম্পৰ পিছত এই কাম আৰু অধিক ত্বৰান্বিত হ’ব। বিগত বৰ্ষত ১৫ লাখৰো অধিক বৈদ্যুতিক বাহন বিক্ৰী হোৱাৰ পৰাই এই কথা অনুমান কৰিব পাৰি। বেটাৰীৰ ব্যৱসায়তো টাটা গ্ৰুপে ডাঙৰ বিনিয়োগ কৰিছে। এনে পৰিস্থিতিত আগন্তুক সময় বেটাৰী উদ্যোগৰ বাবে ভাল বুলি প্ৰমাণিত হ’ব পাৰে।