ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধক লৈ যুদ্ধবিৰতিৰ আলোচনা বৰ্তমানেও আৰম্ভ হোৱা নাই। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে এক ডাঙৰ বিবৃতি দিছে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেইৰ হত্যাৰ পিছত এই সংঘাতৰ অন্ত পৰিব বুলি কৈছে নেতান্যায়াহুৱে।
প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনীক লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা নুই কৰা নাই।
ইৰাণৰ নেতাগৰাকীক নিৰ্মূল কৰাৰ পৰিকল্পনা সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয় যে, ইয়াৰ ফলত সংঘাত বৃদ্ধি নহয়, বৰঞ্চ সংঘাতৰ অন্ত পৰিব। নেতান্যায়াহুৱে ইংগিত দিয়ে যে, ইৰাণে যুদ্ধৰ অন্ত পেলাই পাৰমাণৱিক আলোচনালৈ ঘূৰি আহিব বিচৰা বাৰ্তাক গুৰুত্বসহকাৰে লোৱা নাই।
ট্ৰাম্পৰ আমেৰিকা ফাৰ্ষ্ট নীতি সম্পৰ্কে এক প্ৰশ্নৰ উত্তৰত নেতান্যায়াহুৱে কয় যে, তেওঁলোকে কেৱল নিজৰৰ শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়া নাই, তেওঁলোকে আমেৰিকাৰ শত্ৰুৰ বিৰুদ্ধেও যুঁজিছে। তেওঁ আৰু কয় যে ই ইজৰাইলৰ বাবে এক ভাবুকিয়েই নহয়, আৰব প্ৰতিবেশী দেশসমূহৰ বাবে, ইউৰোপৰ বাবে আৰু আমেৰিকাৰ বাবেও ই এক ভাবুকি।
ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে ইজৰাইলৰ পৰিকল্পনা বন্ধ কৰি দিছিল, য’ত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। তথ্য অনুসৰি, আমেৰিকাৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, ইৰাণীসকলে বৰ্তমানলৈকে কোনো আমেৰিকানক হত্যা কৰা নাই। যেতিয়ালৈকে সেয়া নহয় তেতিয়ালৈকে আমেৰিকাই ইৰাণৰ ৰাজনৈতিক নেতৃত্বক লক্ষ্য কৰি নলয়।