এক বৃহৎ ঘোষণা কৰিলে তেলেংগানা চৰকাৰে। দুই লাখ টকা পৰ্যন্ত ঋণ মাফ কৰিব কৃষকৰ। ঋণত পোত গৈ থকা লাখ লাখ কৃষকক সহায় কৰিবলৈ আগবাঢ়িছে তেলেংগানা চৰকাৰ।
তেলেংগানাৰ ৰেৱন্ত ৰেড্ডি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। লাখ লাখ কৃষকক সকাহ দিবলৈ কৰিছে ডাঙৰ ঘোষণা। ঋণত পোত গৈ থকা কৃষকৰ ঋণ মাফ কৰিব চৰকাৰে। দুই লাখ টকা পৰ্যন্ত ঋণ মাফ কৰিব বুলি ঘোষণা কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিয়ে। কেবিনেটৰ পিছত এই ডাঙৰ ঘোষণা কৰিছে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েও। তেলেংগানাৰ কৃষকক ধন্যবাদ দি ৰাহুল গান্ধীয়ে মন্তব্য কৰে যে যি প্ৰতিশ্ৰুতি দিছিলো সেয়া পৰিপূৰ্ণ কৰাটো আমাৰ দায়িত্ব। সেয়ে আমি এই প্ৰতিশ্ৰুতি পূৰ্ণ কৰিছোঁ। ছ’চিয়েল মিডিয়াযোগে ৰাহুল গান্ধীয়ে তেলেংগানাৰ লাখ লাখ কৃষকক শুভেচ্ছা দিয়ে। লগতে কৃষক ন্যায়ৰ সংকল্পমৰ্মে ঐতিহাসিক এই ঋণ মাফ সিদ্ধান্ত লোৱা হৈছে বুলিও প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে লগতে মন্তব্য কৰে যে ৰাজকোষত থকা ধন কেৱল কৃষক, পিছ পৰা শ্ৰেণীৰ লগতে শ্ৰমিকৰ বাবে অত্যধিক পৰিমাণে খৰছ কৰা হ’ব। যাৰ উদাহৰণ হৈছে তেলেংগানা চৰকাৰৰ এই ঋণ মাফ সিদ্ধান্ত। ঋণত পোত গৈ থকা তেলেংগানাৰ ৪০লাখ কৃষক এই ঋণ মাফৰ ফলত উপকৃত হ’ব বুলি ঘোষণা কৰিছে প্ৰিয়ংকা গান্ধী বাড্ৰাই।