কাৰ’ক বাৰ বনাই মদ্যপান কৰা লোক এতিয়াৰে পৰা সাৱধান হওক। ৰাস্তাই ৰাস্তাই, অলিয়ে গলিয়ে আৰক্ষীয়ে চলাইছে অভিযান। এই অভিযানক নাম দিয়া হৈছে অপাৰেশ্যন ষ্ট্ৰীট ছেফ। এই অভিযানৰ সময়ত বাহনত মদ্যপান কৰি থকা অৱস্থাত ধৰা পৰিছে ৬৭০জন লোক। নয়দা পুলিচে ৰাস্তাৰ কাষত বাহন পাৰ্কিং কৰি বাহনৰ ভিতৰত মদ্যপান কৰি থকা অৱস্থাত ধৰা পেলাইছে ইজনৰ পিছত সিজন। নয়দাৰ ৰাজহুৱা স্থানত এতিয়াৰে পৰা সুৰাপান কৰা দেখা পালেই লগে লগে এক্সন ল’ব আৰক্ষীয়ে। সেয়ে নয়দা আৰক্ষীয়ে এই অভিযানক নাম দিছে ষ্ট্ৰীট ছেফ অপাৰেশ্যন। ইতিমধ্যে ধৰা পৰা লোককেইজনৰ বিৰুদ্ধে নয়দা আৰক্ষীয়ে আৰম্ভ কৰিছে ব্যৱস্থা। আৰক্ষী আয়ুক্ত লক্ষ্মী সিংহৰ নেতৃত্বত চলিছে এই অভিযান। ভাৰতীয় দণ্ডবিধি আইনৰ ২৯০ ধাৰাৰ অধীনত চলিছে গোচৰ। সেয়ে নয়দালৈ গ’লে সাৱধান। ৰাজপথত বাহন ৰখাই যদি মদ্যপান কৰে তেন্তে যাব লাগিব কাৰাগাৰলৈ।