শাক-পাচলিৰ অত্যধিক মূল্যবৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰাৰ মাজতে পশ্চিম বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে লৈছে কঠোৰ পদক্ষেপ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ১০ দিনৰ ভিতৰত শাক-পাচলিৰ মূল্য হ্ৰাস কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
বুধবাৰৰ পৰা আৰক্ষী-প্ৰশাসনক বজাৰে বজাৰে গৈ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে টাস্ক ফোৰ্চক প্ৰতি সপ্তাহত বৈঠক কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে।
মূল্যবৃদ্ধি সন্দৰ্ভত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰশ্ন কৰে যে আলু আৰু পিয়াজ অন্য ৰাজ্যলৈ ৰপ্তানী কৰা হৈছে নেকি? এই সন্দৰ্ভত তেওঁ কয়, ‘প্ৰথমে নিজ ৰাজ্যৰ প্ৰয়োজন পূৰণ কৰক, তাৰ পিছত অন্য ৰাজ্যলৈ সামগ্ৰী প্ৰেৰণ কৰিব’।
প্ৰয়োজনত ৰাজ্যিক সীমান্তত সতৰ্কতা অৱলম্বন কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
মঙলবাৰে অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীয়ে কয়, ‘মই মূল্য বৃদ্ধি ৰোধ কৰিবলৈ এটা টাস্ক ফোৰ্চ গঠন কৰিছিলো। মই নাজানো তেওঁলোকে শেষবাৰ কেতিয়া মিলিত হৈছিল। সামগ্ৰীৰ দাম নকমালৈকে বৈঠক হ’ব লাগিব। প্ৰতি সপ্তাহতে সামগ্ৰীৰ দাম কিমান কমিল তাৰ প্ৰতিবেদন দিবলৈ মই মুখ্য সচিব আৰু সঞ্চালক প্ৰধানক নিৰ্দেশ দিছো। শাক-পাচলিৰ দাম ১০ দিনৰ ভিতৰত কমিব লাগিব’।











