খোৱাপানীক লৈ প্ৰায় যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীত। দিল্লীৰ কেইবাটাও এলেকাত পানীৰ বাবে এটা মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে। দিল্লীৰ পানী যোগানক লৈ এতিয়া ৰাজনীতিও চলিছে বুলি অভিযোগ। আনহাতে জলমন্ত্ৰী আতিশী মাৰ্লেনা সিঙে তুলিছে ভয়ংকৰ অভিযোগ। জলমন্ত্ৰীগৰাকীৰ মতে দিল্লীৰ পানী যোগান ধৰা পাইপলাইন সমূহ কাটি দিয়াৰ ষড়যন্ত্ৰ চলাইছে একাংশই।
পানীৰ বাবে যাতে দিল্লীৰ ৰাজনীতি তোলপাৰ লাগে তাৰ বাবেই এই ষড়যন্ত্ৰ বুলি অভিযোগ দিল্লীৰ জলমন্ত্ৰী আতিশীৰ। দিল্লীৰ আৰক্ষী কমিছনাৰলৈ পত্ৰ লিখি তুলিছে এই অভিযোগ। মুখ্য পাইপলাইন সমূহ আৰক্ষীয়ে দৃষ্টি ৰাখিব লাগে বুলি আবেদন কৰিছে জলমন্ত্ৰীগৰাকীয়ে। দিল্লীত পানীৰ সংকট অধিক বৃদ্ধি কৰাৰ বাবে এচামে আৰম্ভ কৰিছে ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰৰ বাবেই দক্ষিণ দিল্লীত জলসংকটে দেখা দিছে বুলিও অভিযোগ আতিশীৰ।
আনহাতে দিল্লীৰ পানীৰ সংকটক লৈ বিজেপি ১৪টা স্থানত কলহ ভঙা প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে। আম আদমী পাৰ্টীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিয়ে। দিল্লীৰ অলিয়ে গলিয়ে এতিয়া ভয়ংকৰ পানীৰ সংকট। এই পানী সংকট জানি বুজিয়েই এচামে ষড়যন্ত্ৰমূলকভাৱে কৰিছে বুলি অভিযোগ দিল্লীৰ জলমন্ত্ৰী আতিশীৰ।