অনিৰ্দিষ্টকালৰ বাবে সত্যাগ্ৰহত বহিল জলমন্ত্ৰী আতিশী মাৰ্লেনাই। দিল্লীত এটুপি পানীৰ বাবে হাহাকাৰ কৰিছে জনতাই।
কেন্দ্ৰই এই ভয়ংকৰ জলসংকট গুৰুত্ব নিদিয়াৰ বাবেই অনশন সত্যাগ্ৰহত বহিছে জলমন্ত্ৰী আতিশী। হাৰিয়ানাই পানী যোগান নধৰাৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিছিল দিল্লীৰ জলমন্ত্ৰী আতিশী মাৰ্লেনাই। কোনো সঁহাৰি লাভ নকৰাৰ বাবেই অনিৰ্দিষ্টকালৰ বাবে অনশনত বহি পৰিছে আতিশীয়ে। অনিৰ্দিষ্ট কালৰ বাবে সত্যাগ্ৰহ অনশনত বহি দিল্লীবাসীৰ সমস্যা সমাধান কৰাৰ বাবে আগবাঢ়িছে আতিশী মাৰ্লেনা। জংগপুৰ ভোগলত কৰা অনশনৰ আজি তৃতীয় দিন।যেতিয়ালৈকে দিল্লীবাসীয়ে হাৰিয়ানাৰ পৰা প্ৰাপ্য পানী নাপায় সেই পৰ্যন্ত আতিশীয়ে অব্যাহত ৰাখিব অনশন। হাৰিয়ানা চৰকাৰে জানি শুনিও দিল্লীবাসীক পানী যোগান নধৰি বিপদত পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে বুলি আতিশীৰ অভিযোগ। এফালে ভীষণ গৰম আনফালে দিল্লীত নাই পৰ্যাপ্ত পৰিমাণৰ পানী। যাৰ বাবে মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিবলগীয়া হৈছে জলমন্ত্ৰী আতিশী মাৰ্লেনা।