প্ৰকৃতিয়ে যেন এতিয়া ঘনে ঘনে ৰূপ সলাইছে। কেতিয়াবা যদি প্ৰচণ্ড বৰষুণ। কেতিয়াবা যেন সূৰ্য আহি একেবাৰে কাষ পালেহি পৃথিবীৰ। যাৰ বাবে প্ৰচণ্ড গৰমে সৰিয়হৰ ফুল দেখুৱাইছে দেশবাসীক।
উৎকট গৰম সহিব নোৱাৰি এইপৰ্যন্ত উত্তৰ প্ৰদেশত ৩৫জন লোকে প্ৰাণ হেৰুৱাইছে। পাৰাস্তম্ভ ক্ৰমাৎ ওপৰলৈ গতি কৰাত ৰাস্তাই ঘাটে ওলাব নোৱাৰা হৈছে জনতা। সূৰ্য দেৱতাৰ প্ৰখৰ তাপ সহিব নোৱাৰি প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুজনে। উৎকট গৰমত প্ৰাণ যোৱা লোকৰ তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে। ১ মাৰ্চৰ পৰা ২০ জুনৰ ভিতৰত সৰ্বমুঠ ১৪৩জন লোকে প্ৰাণ হেৰুৱাইছে উৎকট গৰমত। ইয়াৰ ভিতৰত সৰ্বাধিক মৃত্যুৰ সংখ্যা উত্তৰ প্ৰদেশত। আনহাতে ৪১,৭৮৯ জন লোক আক্ৰান্ত হৈছে হীটষ্ট্ৰকত।
সেয়ে উৎকট গৰমৰ পৰা হাত সাৰিবলৈ পালন কৰক নীতি নিয়ম। প্ৰখৰ ৰ’দলৈ নাযাব। ছাতি ব্যৱহাৰ কৰক।