ভাৰতীয় ৰেলৱে বিভাগটো বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত । প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে ৰেলযোগে যাত্ৰা কৰে । দেশত পূৰ্বতকৈ বিমান যাত্ৰা বৃদ্ধি আৰু পথ পৰিবহণ উন্নত হোৱাৰ পিছতো যাত্ৰীসকলৰ বাবে ৰে’ল যাত্ৰা আটাইতকৈ পছন্দৰ পদ্ধতি হৈয়ে আছে ।ইয়াৰ কাৰণ কেৱল কম খৰচেই নহয়, ৰেলযোগে আৰামদায়ক যাত্ৰাও। বিশ্বৰ নিৰ্বাচিত দীঘলীয়া প্লেটফৰ্মৰ ভিতৰত ভাৰতীয় ৰেলৱেৰ অভিলেখো আছে।
ভাৰতীয় ৰেলৱে বিভাগত অত্যাধুনিক সংযোজন ঘটিছে বন্দে ভাৰত এক্সপ্ৰেছৰ। আনহাতে চৰকাৰে বুলেট ট্ৰেইন প্ৰকল্পতো দ্ৰুতগতিত কাম কৰি আছে। কিন্তু দেশৰ আটাইতকৈ দীঘল ৰেল কোনখন জানেনে? এই ৰেলখন ইমানেই দীঘল যে ইয়াৰ ডবা গণনা কৰি আপুনিও ভাগৰি পৰিব।
ভাৰতীয় ৰে’লৱে বিভাগৰ অধীনত দৈনিক ১৩০০০ৰো অধিক ৰে’ল চলাচল কৰে। ইয়াৰ জৰিয়তে প্ৰতিদিনে এটা ষ্টেশ্যনৰ পৰা আন এটা ষ্টেশ্যনলৈ প্ৰায় ৪ কোটিৰো অধিক যাত্ৰীয়ে চলাচল কৰে ।বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলংখন ভাৰতীয় ৰে’লৱেৰ নেটৱৰ্কতে আছে। এই দলংখনৰ ওপৰেৰে যেতিয়া ৰেলখন পাৰ হৈ যায়, তেতিয়া এক বেলেগ শিহৰণকাৰী অভিজ্ঞতা লাভ কৰিব পৰা যায় ।
ভাৰতীয় ৰেলৱেৰ আটাইতকৈ দীঘল ৰেলখনৰ দৈৰ্ঘ্য ৩.৫ কিলোমিটাৰ। এফালৰ পৰা এই ৰেলখনৰ ডবা গণিবলৈ আৰম্ভ কৰিলে চকু দুটা ভাগৰি পৰিব কিন্তু ডবা গণনা শেষ নহ’ব। এই ৰেলখনৰ নাম ছুপাৰ বাসুকী। ইয়াত ২৯৫টা ডবা স্থাপন কৰা হৈছে।
ছটা ইঞ্জিনে একেলগে টানি লৈ যায় ৰেলখনত থকা ২৯৫টা ডবা। এই ৰেলগাড়ীখন যেতিয়া ৰেলৱে ক্ৰছিঙৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া গোটেই ৰেলখন পাৰ হ’বলৈ বহু সময় লাগে। উল্লেখ্য যে ছুপাৰ বাসুকী এখন মালবাহী ট্ৰেইন ।
ছুপাৰ বাসুকিৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ খনিৰ পৰা উলিওৱা কয়লা বিদ্যুৎ কেন্দ্ৰ সমূহলৈ পৰিবহণ কৰা হয়। এই ৰে’লখনে ছত্তীশগড়ৰ কোৰ্বাৰ পৰা নাগপুৰৰ ৰাজনন্দগাঁওলৈ ২৭ হাজাৰ টন কয়লা কঢ়িয়াই লৈ যায়।
এই মালবাহী ট্ৰেইনখনে নাগপুৰৰ কোৰ্বাৰ পৰা ৰাজনন্দগাঁওলৈ দূৰত্ব অতিক্ৰম কৰিবলৈ ১১.২০ ঘন্টা সময় লয়। ভগৱান শিৱৰ ডিঙিত থকা বাসুকী সৰ্পৰ নামেৰে এই ৰেলখনৰ নামকৰণ কৰা হৈছে। দেশৰ এই দীঘলীয়া ৰেলগাড়ীখন চলিলে দেখাত সাপৰ দৰেই দেখা যায়।