সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
বহাগ হ’ল অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ সাহ। বহাগ মানেই নতুন আশাৰ বতৰা, নতুন জীৱনৰ আৰম্ভণি। ৰাজ্যজুৰি এতিয়া বহাগ বিহুৰ আগমনৰ উন্মাদনাই বিৰাজ কৰিছে। প্ৰকৃতিয়েও যেন হাত বাউলি দি মাতিছে ডেকা-গাভৰুক। ইতিমধ্যে ৰাজ্যৰ চৌদিশে দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা। আজি চ’তৰ সংক্ৰান্তি তথা গৰু বিহু। পৰম্পৰা অনুসৰি পুৱাতে গোহালীত গো-ধনক স-সন্মানে সেৱা ধৰি মাহ-হালধিৰে নোৱাইছে চহা অসমীয়াই।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ। ব’হাগৰ বতৰা লৈ আকৌ ফুলিল নাহৰ, তগৰ। পিছে ঐ নাহৰ বুলি চিঞৰ দিবলৈ আমাৰ মাজত নাই জুবিন গাৰ্গ। জুবিন গাৰ্গবিহীন বিহু উদযাপন কৰিবলৈ সাজু অসমবাসী। উকা হৈ ৰ’ব এইবাৰৰ বিহু মঞ্চ। প্ৰিয় পুৰুষৰ অনুপস্থিতিত সামাজিক মাধ্যমযোগে আৱেগিক পোষ্ট শ্বেয়াৰ গৰিমা শইকীয়া গাৰ্গৰ।
মেঘালয়ৰ পৰা গুৱাহাটীৰ নিজ ঘৰলৈ ওভতাৰ পথত বেহাৰবাৰীৰ উৰণসেতুৰ তলত দুৰ্ঘটনাত পতিত অভিনেতা। ‘লোকেল কুংফু’ৰ ২ অভিনেতা টনী দেউৰী বসুমতাৰী আৰু জনী দেউৰীৰ সৈতে এই দুৰ্ঘটনা সংঘটিত হয়।











