পুনৰ বিপদ বাঢ়িছে পলাতক সুৰা সম্রাট বিজয় মালিয়াৰ। মুম্বাইৰ চিবিআই আদালতে মালিয়াৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে। এতিয়ালৈকে ইণ্ডিয়ান অভাৰছীছ বেংকৰ ১২০ কোটি টকা ঋণ আদায় দিয়া নাই মালিয়াই।
সেইবাবে মালিয়াৰ বিৰুদ্ধে জাৰি কৰা হৈছে এই গ্রেপ্তাৰী পৰোৱানা। দেশত আর্থিক লুটপাত চলাই বিদেশলৈ পলাই গৈছিল মালিয়া। ইয়াৰ পিছৰে পৰা একাধিক গোচৰত মালিয়াৰ নাম জড়িত হৈ পৰিছে। কিন্তু এতিয়ালৈকে ভাৰতীয় কোনো তদন্তকাৰী সংস্থাই মালিয়াক লগ কৰিব পৰা নাই।
বর্তমান ব্রিটেইনত বাস কৰি আছে পলাতক মালিয়া। মালিয়াক দেশলৈ ঘূৰাই আনিবলৈ একাধিক পদক্ষেপ গ্রহণ কৰিছে কেন্দ্ৰৰ মোদী চৰকাৰে। শেহতীয়াকৈ চিবিআই আদালতে জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানাত উল্লেখ কৰা হৈছে যে ইতিমধ্যে বন্ধ হোৱা কিংফিছাৰ এয়াৰ লাইন্সৰ বাবে বিজয় মালিয়াই চৰকাৰী বেংকৰ পৰা ঋণ লৈছিল।