কেইবাদিনো ধৰি আহি থকা মুষলধাৰ বৰষুণে শ্ৰীলংকাৰ এক বৃহৎ অঞ্চল ডুবাই ৰাখিছে। বানপানী আৰু ভূমিস্খলনে দৈনন্দিন জীৱন সম্পূৰ্ণৰূপে ব্যাহত কৰিছে। শেহতীয়া চৰকাৰী প্রতিবেদন অনুসৰি, এই পৰ্যন্ত ৫৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬০০ৰো অধিক ঘৰৰ ভয়াৱহ ক্ষতিসাধন হৈছে৷ বানপানীৰ বাবে নিৰুদ্দেশ হৈ আছে ৬০ জনৰো অধিক লোক।
তথ্য অনুসৰি, শ্ৰীলংকাৰ মধ্য পাহাৰীয়া অঞ্চলত এই পৰিস্থিতি আটাইতকৈ ভয়াৱহ বুলি কোৱা হৈছে। বাদুল্লা আৰু নুৱাৰা এলিয়াৰ দৰে চাহ উৎপাদনকাৰী অঞ্চলত সঘনাই ভূমিস্খলনৰ সন্মুখীন হোৱাৰ ফলত তাত বাস কৰা পৰিয়ালসমূহৰ বাবে যথেষ্ট কষ্টৰ সৃষ্টি হৈছে। বহু ঘৰ বোকাত পোত গৈছে, কেইবাখনো গাঁও থানবান হৈ গৈছে। এই দুখন জিলাই সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে বানপানীৰ ফলত।
ধাৰাবাহিকভাৱে অধিক ভয়াৱহ পৰিস্থিতিৰ পোহৰত প্ৰশাসনে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা। চৰকাৰৰ সকলো কার্যালয় আৰু বিদ্যালয় আপাততঃ বন্ধ থাকিব বুলি ঘোষণা কৰিছে৷ নদী আৰু জলাশয়বোৰ বিপদজনকভাৱে উচ্চ পানীৰ স্তৰত আছে, সেয়েহে মানুহক বাহিৰৰ কাম-কাজ সীমিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
ভূমিস্খলন আৰু বানপানীৰ বাবে বহু বৃহৎ পথ বন্ধ হৈ পৰিছে। কিছুমান অঞ্চলত ৰে’লপথত ধ্বংসাৱশেষ জমা হোৱাৰ ফলত কেইবাখনো ৰে’ল বন্ধ কৰিবলগীয়া হৈছে। ৰাজধানী কলম্বো আৰু দুৰ্গম জিলাসমূহৰ মাজত যাতায়ত কাৰ্যতঃ বন্ধ হৈ পৰিছে।
ছাদত আবদ্ধ হৈ থকা লোকসকলক হেলিকপ্টাৰেৰে উলিয়াই আনিছে। নৌসেনাৰ দলসমূহে নাও ব্যৱহাৰ কৰি বানপানীৰ ফলত আবদ্ধ হৈ থকা পৰিয়ালসমূহক সুৰক্ষিত স্থানলৈ লৈ গৈছে। বহু গাঁও ডুব গৈ আছে, গতিকে সাহায্যৰ কাম অব্যাহত আছে।
বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে যে, বৰষুণ বন্ধ হোৱাৰ কোনো সম্ভাৱনা নাই, আৰু অহা ৪৮ ঘণ্টাত পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে। নতুন অঞ্চলত ভূমিস্খলনৰ আশংকা। উচ্চ স্থানত আশ্ৰয় লৈ সাৱধানতা অৱলম্বন কৰিবলৈ চৰকাৰে আহ্বান জনাইছে।











