আহমেদাবাদৰ বাগোদৰা গাঁৱৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। এই অঞ্চলটোত বাস কৰা এটা পৰিয়ালৰ পাঁচজন লোকৰ মৃত্যু হৈছে। মৃত পৰিয়ালটো মূলতঃ ঢোলকাৰ আৰু বৰ্তমান বাগোদৰা গাঁৱৰ এটা ভাড়াঘৰত বাস কৰি আছিল। পৰিয়ালটোত আছিল স্বামী-স্ত্ৰী, দুগৰাকী কন্যা আৰু এজন পুত্ৰ।
দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, ভাড়াঘৰত বিষাক্ত তৰল পদাৰ্থ খাই একেটা পৰিয়ালৰ পাঁচজন সদস্যই আত্মহত্যা কৰে। নিহত লোককেইজন হৈছে বিপুল কাঞ্জী বাঘেলা (৩৪), পত্নী সোণাল (২৬), তেওঁলোকৰ দুগৰাকী কন্যা (১১ আৰু ০৫) আৰু এজন পুত্ৰ (০৮)।
ঘটনাস্থলীত উপস্থিত হোৱা শীৰ্ষ বিষয়াই কয় যে আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। পৰিয়ালটোৰ মুৰব্বী বিপুল আছিল ৰিক্সাচালক। বিহ পান কৰাৰ ফলত আটাইকেইজনৰ থিতাতেই মৃত্যু হয়।
ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে বাগোদৰা আৰক্ষী আৰু ১০৮ জৰুৰীকালীন সেৱাই সেই স্থানত উপস্থিত হয়। ঘটনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আহমেদাবাদৰ গ্ৰাম্য আৰক্ষী অধীক্ষক, স্থানীয় অপৰাধ শাখা, বিশেষ অভিযান গোট আৰু শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া উপস্থিত হয়।
আটাইকেইজন লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে।