মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিছৰে পৰা বিপদে লগ এৰা নাই উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা গোটক। ৰাজনৈতিক ভৱিষ্যতক লৈ দলটোৰ কেইবাজনো নেতা এতিয়া শংকিত। যাৰ বাবে দলটোৰ কেইবাজনো সাংসদে এনে এক সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে যিয়ে মহাৰাষ্ট্ৰৰ ৰাজনীতিত খলকনিৰ সৃষ্টি তুলিব।
সংসদীয় ৰাজনীতিত শক্তি হ্ৰাস পোৱা দলটোৰ আৰু ছয়গৰাকী সাংসদে দল ত্যাগ কৰাৰ যোজা চলোৱা বুলি এটা খবৰ প্ৰকাশ পাইছে। ‘অপাৰেচন টাইগাৰ’ৰ অধীনত থাকৰে গোটৰ ৯ গৰাকী সাংসদৰ ৬ গৰাকীয়ে সিন্দে নেতৃত্বাধীন শিৱসেনা দলত যোগ দিয়াৰ সম্ভাৱনা আছে।
আগন্তুক সংসদ অধিৱেশনৰ পূৰ্বেই এই অভিযান সফল কৰাৰ কুচকাৱাজ চলিছে। বহু দিনৰ পৰাই অপাৰেচন টাইগাৰক লৈ চলি আছে চৰ্চা।
উল্লেখ্য যে, যদিহে ছয়গৰাকী সাংসদে থাকৰে গোটৰ পৰা ফালৰি কাটি সিন্দে গোটত চামিল হয় তেন্তে নিশ্চিতভাৱে ই হ’ব উদ্ধৱ থাকৰে বাহিনীৰ বাবে মোক্ষম আঘাত।
এই দলত্যাগৰ পিছত উদ্ধৱ নেতৃত্বাধীন শিৱসেনাৰ ভৱিষ্যতত কি প্ৰভাৱ পেলায় সেয়া হ’ব লক্ষ্যণীয়। উদ্ধৱ থাকৰে এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিবনে? নে সিন্দে গোটৰ আধিপত্য আৰু বাঢ়িব? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আগন্তুক সময়ত পোৱা যাব।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই বাতৰিয়ে থাকৰে পৰিয়ালৰ বাবে এক বৃহৎ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বেও একনাথ সিন্দেৰ নেতৃত্বত বিধায়কৰ এটা বৃহৎ দলে শিৱসেনাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ইয়াৰ ফলত মহাৰাষ্ট্ৰত মহা বিকাশ আঘাড়ী চৰকাৰৰ পতন ঘটে আৰু শিৱসেনা দুটা ফৈদত বিভক্ত হয়। এতিয়া সাংসদসকলৰ এই সম্ভাৱ্য দল ত্যাগে থাকৰে ফৈদক আৰু অধিক দুৰ্বল কৰি তুলিব পাৰে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁৰ দলৰ স্বীকৃতি আৰু প্ৰভাৱ হ্ৰাস পাব পাৰে।
থাকৰেই এই পৰিস্থিতি কেনেদৰে চম্ভালিব আৰু এই নতুন সংকটৰ পৰা নিজৰ দলটোক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব নে নাই সেয়া হ’ব লক্ষ্যণীয়।