ৰাজ্য সংঘটিত হৈছে এক শিহৰণকাৰী দুৰ্ঘটনা। এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। ৰোগীসহ নিহত হয় ৮ জনকৈ লোক।
ঢেকিয়াজুলিৰ ৰবৰটলাত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা এই পথ দুৰ্ঘটনা। মুহুৰ্ততে শেষ হৈ যায় ৮ গৰাকীকৈ লোকৰ জীৱন। নিশা ঢেকিয়াজুলি ৰবৰতলাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। উল্লেখ্য় যে, তেজপুৰৰ পৰা গুৱাহাটী দিশে গৈ থকা এখন ট্ৰাকে বিপৰীত দিশৰ পৰা অহা এখন এম্বুলেন্স সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়।এম্বুলেন্সখনত ৰোগীৰ লগতে আছিল ৰোগীৰ আত্মীয়।
এই মুখামুখি সংঘৰ্ষৰ মাত্ৰ কেইছেকেণ্ডৰ ভিতৰতে কৰুণ মৃত্য়ুক আঁকোৱালি লয় ৮ গৰাকীকৈ লোকে। নিহতসকলৰ ভিতৰত আছিল চালক বিজয় হানচা, হৰি মাদগী, কুনাল কৰ্মকাৰ, সঞ্জীতা নাথ, বিশ্বাস নাথ আৰু সন্ধ্যাচৰী নাথ। নিহত আটাইকেইগৰাকী টিউলিপ চাহ বাগিচাৰ বুলি জানিব পৰা গৈছে।
এই ভয়ংকৰ দুৰ্ঘটনাটোত নিহত সকলৰ লগতে সংকটজনক অৱস্থাত থকা মহেশ মাঝি আৰু সমীৰ নাথক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। এই শিহৰণকাৰী দুৰ্ঘটনাৰ পিছতেই উত্তপ্ত হৈ উঠে পৰিস্থিতি। ৰাজপথলৈ ওলাই আহে শ শ স্থানীয়লোক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী প্ৰশাসন।












