ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত চলি থকা অশান্তিৰ মাজতে অন্তৱৰ্তীকালীন চৰকাৰখনে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নেতৃত্বত গৃহ মন্ত্ৰালয়ৰ বিশেষ সহায়ক খুদাবাখচ চৌধুৰীয়ে পদৰ পৰা পদত্যাগ কৰিছে আৰু ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে এই পদত্যাগ মানি লৈছে।
বাংলাদেশৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খুদাবাকচ চৌধুৰীয়ে ২০২৪ চনৰ ১০ নৱেম্বৰত মহম্মদ ইউনুছৰ বিশেষ সহায়ক হিচাপে নিযুক্তি লাভ কৰিছিল। বিদ্ৰোহী নেতা ওছমান হাদীৰ মৃত্যুৰ পিছত দেশৰ পৰিস্থিতি দ্ৰুতগতিত অৱনতি ঘটিছে।
ইফালে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পুত্ৰ তাৰিক ৰহমান বাংলাদেশলৈ উভতি আহিছে। তাৰিক ৰহমান ঘূৰি অহাৰ পূৰ্বে ২৪ ডিচেম্বৰত ৰাজধানী ঢাকাৰ এটা গীৰ্জাৰ সমীপত সংঘটিত বোমা আক্ৰমণত এজন লোকৰ মৃত্যু হয়। এই ঘটনাই ৰাজধানীত নিৰাপত্তাজনিত ভয়াৱহ চিন্তাৰ সৃষ্টি কৰিছে। ছাত্ৰ নেতা শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ পিছত বাংলাদেশত তীব্ৰ হিংসাত্মক ঘটনা। আনহাতে, দেশৰ দুখন আগশাৰীৰ বাতৰি কাকত ডেইলী ষ্টাৰ আৰু প্ৰথাম আলোৰ কাৰ্যালয়তো জুই লগায়।
বাংলাদেশৰ এই অশান্তি এনে সময়ত সংঘটিত হৈছে যি সময়ত দেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনলৈ দুমাহ নৌহওঁতেই আছে। ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন।২০২৪ চনৰ জুলাই মাহত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত এই নিৰ্বাচন প্ৰথমটো ৰাষ্ট্ৰীয় নিৰ্বাচন।খুদাবাখচ চৌধুৰীৰ পদত্যাগ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা চতুৰ্থটো বৃহৎ পদত্যাগ।
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান ১৭ বছৰৰ অন্তত আজি (২৫ ডিচেম্বৰ)ত নিজ দেশলৈ উভতি আহে। তেওঁৰ বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ এক লাখ কৰ্মী বিমানবন্দৰৰ ওচৰত সমবেত হৈ তেওঁক আদৰণি জনায়। মন কৰিবলগীয়া যে, গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ২০০৮ চনত ৰহমানে লণ্ডনলৈ পলায়ন কৰিছিল। সেই সময়ত হাছিনা চৰকাৰৰ দিনত তেওঁৰ বিৰুদ্ধে কেইবাটাও দুৰ্নীতিৰ গোচৰ চলি আছিল।
ইউনুছ চৰকাৰে শ্বেখ হাছিনাৰ দল আৱামি লীগক নিষেধাজ্ঞা আৰোপ কৰিছে। ফলস্বৰূপে বিএনপিৰ নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা প্ৰবল। বিএনপিৰ অধ্যক্ষ খালেদা জিয়াৰ বয়স ৮০ বছৰ আৰু স্বাস্থ্যও বেয়া। তাৰিক ৰহমান পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ সম্ভাৱ্য প্ৰতিদ্বন্দ্বী বুলি ধাৰণা কৰা হৈছে।










