বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰক উৎখাতৰ দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে মহম্মদ ইউনুছ নেতৃ্ত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে। ১৪ জুলাইৰ পৰা ৫ আগষ্টলৈকে এই উদযাপনৰ কাৰ্যসূচী চলিব।
উল্লেখ্য যে, চৰকাৰী চাকৰি সংৰক্ষণৰ বিৰোধিতাৰে দেশখনৰ লাখ-লাখ শিক্ষাৰ্থীয়ে চলোৱা তীব্ৰ প্ৰতিবাদৰ পিছতেই বিগত বৰ্ষৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰিছিল। পলায়নৰ দিনৰে পৰাই শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় লৈ আছে।
এই ঐতিহাসিক আন্দোলন আৰু প্ৰতিবাদৰ ফলশ্ৰুতিত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰা দিনটো অৰ্থাত ৫ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে।
স্মৰ্তব্য যে, শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হয় অন্তৱৰ্তীকালীন চৰকাৰ। এই অন্তৱৰ্তীকালীন চৰকাৰে ১৪ জুলাইৰ পৰা ৫ আগষ্টলৈ হাছিনা চৰকাৰৰ উৎখাতৰ বৰ্ষপূৰ্তি উদযাপন কৰিব।