ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে গঠন কৰিছে নতুন কাৰ্যনিৰ্বাহক সমিতি। ২৮ ছেপ্টেম্বৰ শুকুৰবাৰে মুম্বাইত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত নতুন বিষয়ববীয়াৰ নাম ঘোষণা কৰে নিৰ্বাচনী বিষয়াগৰাকীয়ে। এই বৈঠকৰ পিছত এতিয়া ভাৰতীয় ক্ৰিকেটৰ বাঘজৰী নতুন হাতলৈ স্থানান্তৰিত হৈছে।
বি চি চি আইৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে প্ৰাক্তন ক্ৰিকেটাৰ মিথুন মানহাছ। ৰাজীৱ শুক্লাক উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। দেৱজিৎ শইকীয়াক ব’ৰ্ডৰ নতুন সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে।
আকৌ প্ৰভতেজ সিং ভাটিয়াক যুটীয়া সম্পাদক, আৰু এ ৰঘুৰাম ভাটক কোষাধ্যক্ষ নিৰ্বাচিত কৰা হৈছে। নতুন কাৰ্যনিৰ্বাহক সমিতিখনে পৰৱৰ্তী কাৰ্যকালৰ বাবে ভাৰতীয় ক্ৰিকেট সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ নীতিৰ ওপৰত কাম কৰিব।
কেৱল শীৰ্ষ পদতেই নহয়, বিচিচিআইৰ ভিতৰত অন্যান্য গুৰুত্বপূৰ্ণ পদতো নতুন মুখৰ উন্মেষ ঘটিছে। জয়দেৱ নিৰঞ্জন শ্বাহক এপেক্স কাউন্সিলৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে। অৰুণ সিং ধুমল আৰু এম খাইৰুল জামাল মাজৰুমদাৰক গভৰ্নিং কাউন্সিলৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। এই দলটোৱে ভৱিষ্যতে ভাৰতীয় ক্ৰিকেটৰ শাসন ব্যৱস্থা আৰু নতুন পৰিকল্পনাৰ ওপৰত কাম কৰিব।
৪৫ বছৰীয়া মিথুন মানহাছে হয়তো টিম ইণ্ডিয়াৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলা নাছিল যদিও ঘৰুৱা ক্ৰিকেটত তেওঁৰ অভিলেখ প্ৰশংসনীয়। প্ৰথম শ্ৰেণীৰ ১৫৭খন খেলত ২৭টা শতককে ধৰি ৯,৭১৪ ৰান সংগ্ৰহ কৰিছে। লিষ্ট এ ক্ৰিকেটতো তেওঁ ৪,১২৬ ৰান সংগ্ৰহ কৰি নিজৰ স্থান দখল কৰিছে। দিল্লী ৰঞ্জী দলৰ অধিনায়ক হিচাপে তেওঁ দীৰ্ঘদিন ধৰি ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছিল, দলটোক অসংখ্য সময়ত কঠিন পৰিস্থিতিৰ পৰা জয়ৰ দিশত আগুৱাই লৈ গৈছিল। মানহাছৰ আই পি এল খেলাৰ অভিজ্ঞতাও আছে। দিল্লী ডেয়াৰডেভিলছ, কিংছ একাদশ পঞ্জাব, পুনে ৱাৰিয়ৰ্ছৰ দৰে দলৰ হৈ খেলিছে।
বি চি চি আইৰ সভাপতি হোৱাৰ পিছত এতিয়া ভাৰতীয় ক্ৰিকেটক নতুন উচ্চতালৈ লৈ যোৱাৰ উল্লেখযোগ্য দায়িত্ব মনহাছৰ ওপৰত থাকিব। ভৱিষ্যতে তেওঁ ঘৰুৱা গাঁথনি শক্তিশালী কৰাৰ লগতে খেলুৱৈসকলক উন্নত সুবিধা প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।