গাজাত আক্ৰমণ কৰি এতিয়া ক্ষমা বিচাৰি হায়ৰান ইজৰাইলৰ প্ৰধানমন্ত্ৰী। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে তেওঁৰ বিৰুদ্ধে চলি থকা দীঘলীয়া দুৰ্নীতিৰ গোচৰৰ অন্ত পেলাবলৈ দেশখনৰ ৰাষ্ট্ৰপতিৰ পৰা আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰিছে।
গোচৰৰ পৰা দোষমুক্ত ঘোষণা কৰিবলৈ আৱেদন কৰিছে বেঞ্জামিন নেত্যান্যাহুয়ে। নেত্যান্যাহুৰ অধিবক্তাই ইতিমধ্যে ১১১ পৃষ্ঠাৰ দস্তাবেজ দাখিল কৰিছে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত। গাজাত চলোৱা আক্ৰমণৰ বাবে নেত্যান্যাহুৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় আদালতে
নৰসংহাৰ চলোৱাৰ অভিযোগত ইজৰাইলৰ বিৰুদ্ধে গোচৰ তৰিছিল দক্ষিণ আফ্ৰিকাইয়ো।আন্তঃৰাষ্ট্ৰীয় আদালতত ইজৰাইলৰ প্ৰধানন্ত্ৰীৰ শাস্তি বিচাৰি গোচৰ দিছিল দক্ষিণ আফ্ৰিকাই
যাৰ বাবে ৩০ নৱেম্বৰত জাৰি কৰা এক বিবৃতিত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে, নেতান্যায়াহুৱে ৰাষ্ট্ৰপতি ভৱনৰ আইনী বিভাগত আনুষ্ঠানিকভাৱে ক্ষমা আবেদন দাখিল কৰিছে। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে ইয়াক “অসাধাৰণ অনুৰোধ” বুলি অভিহিত কৰি ইয়াৰ “গুৰুতৰ আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ” স্বীকাৰ কৰে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক নেতান্যায়াহুক ক্ষমা কৰিবলৈ ৰাজহুৱাভাৱে আবেদন জনোৱাৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে এই আবেদন প্ৰকাশ পাইছে।
ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এই অনুৰোধ লাভ কৰাটো নিশ্চিত কৰি কয় যে ইয়াক “চৰম দায়িত্ব আৰু গুৰুত্বসহকাৰে” বিবেচনা কৰা হ’ব। ক্ষমা প্ৰক্ৰিয়াৰ বাবে ন্যায় মন্ত্ৰালয়ৰ মতামত বিচৰা আৰু জনস্বাৰ্থৰ মূল্যায়ন কৰাটো প্ৰয়োজন।











