জয়মালা অনুষ্ঠান সম্পূৰ্ণ হৈছিল। দৰা-কইনা তেতিয়াও মঞ্চত বহিয়েই আছিল আৰু পণ্ডিতজীয়ে মন্ত্ৰ পাঠ কৰিয়েই আছিল। তাৰ পিছতে অপৰাধীয়ে সংঘটিত কৰিলে এই অপৰাধ।
বিহাৰৰ গোপালগঞ্জত বিবাহ অনুষ্ঠানত একাংশ দুষ্কৃতিকাৰীয়ে দৰাক বিয়াৰ স্থানৰ পৰা অপহৰণ কৰি লৈ যায়। শনিবাৰে গভীৰ নিশা প্ৰায় ২ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ সময়ত কইনা আৰু পৰিয়ালৰ লোককো প্ৰহাৰ কৰা হয়। লগতে কইনা গৃহতো লুটপাত কৰে। বৰ্তমানলৈও আৰক্ষীয়ে দৰাক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
বিবাহ অনুষ্ঠানত মনোৰঞ্জন দিবলৈ মাতি অনা নাচ পাৰ্টিৰ সদস্যসকলৰ বিৰুদ্ধে অপহৰণ আৰু আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে।
তথ্য অনুসৰি বৈকুণ্ঠপুৰ থানা এলেকাৰ দিঘৱা দুবাউলীৰ পৰা আহিছিল বৰযাত্ৰী। বিয়াৰ অতিথিসকলক মনোৰঞ্জন দিবলৈ ল’ৰাৰ ফালৰ পৰা নৃত্য পাৰ্টিৰ আয়োজন কৰা হৈছিল।
নাচ-গান গোৱাৰ সময়তেই কিবা এটা কথাক লৈ বিবাদৰ সৃষ্টি হয়, যিটো অতি সোনকালেই হিংস্ৰ কাজিয়ালৈ পৰিণত হয়। কোৱা হৈছে যে, এই কাজিয়াৰ সময়ত নৃত্য পাৰ্টিৰ কেইবাজনো সদস্যই কইনাগৃহত উপস্থিত থকা লোকসকলক মাৰপিট কৰে।
এই আক্ৰমণত কইনা আৰু মাতৃকে ধৰি বহু মহিলা আহত হয়। আক্রমণকাৰীয়ে বিয়াঘৰত প্রৱেশ কৰি গহনা আৰু মূল্যবান সামগ্রীও লুটপাত কৰে৷ পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণহীন হৈ পৰে যে মণ্ডপত বহি থকা দৰাকো ৰেহাই নিদিয়ে আৰু প্ৰহাৰ কৰাৰ পিছত বলপূৰ্বকভাৱে গাড়ীত বহিবলৈ দি অপহৰণ কৰে।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হয় যদিও তেতিয়ালৈকে অভিযুক্তই পলায়ন কৰে। দৰাজন বৰ্তমানেও নিৰুদ্দেশ হৈ থকাত পৰিয়ালটো স্তম্ভিত হৈ পৰিছে। এই ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিয়পি পৰে আৰু বিয়াৰ মাংগলিক পৰিৱেশ সম্পূৰ্ণৰূপে শোকলৈ পৰিণত হয়।
সদৰৰ এছ ডি পি অ’ প্ৰাঞ্জল ত্ৰিপাঠীয়ে কয় যে আৰক্ষীয়ে এই বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰি আছে। কিন্তু ঘটনাৰ ২৪ ঘণ্টাৰ পাছতো দৰাক বিচাৰি পোৱা নাই, যাৰ ফলত পৰিয়ালত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।