চলিত বছৰৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ জনসাধাৰণৰ বাবে ৰাজ্য চৰকাৰে কৰিছে কেতবোৰ ডাঙৰ ঘোষণা। আজি মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত জনস্বাৰ্থৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
বিহাৰ কেবিনেট বৈঠকত মুঠ ৩০টা এজেণ্ডাত অনুমোদন জনোৱা হয়। বৈঠকৰ অন্তত বিহাৰৰ কেবিনেট সচিবালয় বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ এছ সিদ্ধাৰ্থই এই তথ্য প্ৰদান কৰে।
কেবিনেট বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰাজ্যৰ সকলো জিলা সংগ্ৰাহক কেন্দ্ৰত নাগৰিক অনুকূল আন্তঃগাঁথনি যেনে অপেক্ষা কক্ষ, খোৱাপানী, শৌচাগাৰ আৰু দিদিৰ পাকঘৰৰ দৰে সা-সুবিধাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ অনুমোদন।
ৰাজ্যৰ ব্লক সংখ্যালঘু কল্যাণকামী কাৰ্যালয়ৰ কাম-কাজ অধিক ক্ষীপ্ৰ আৰু মসৃণ কৰি তুলিবলৈ নিম্নবৰ্গৰ কেৰাণীৰ ৪৫৯টা নতুন পদ সৃষ্টিৰ অনুমোদন।
কৃষি ৰোড মেপৰ অধীনত কৃষি বিভাগৰ আঁচনিসমূহৰ সুবিধাসমূহ কৃষকসকলক বাস্তৱ সময়ত প্ৰদান কৰিবলৈ “ডিজিটেল কৃষি সঞ্চালকালয়” গঠনৰ অনুমোদন।
BLO ৰ নূন্যতম বাৰ্ষিক পাৰিতোষিক ১০ হাজাৰ টকাৰ পৰা ১৪ হাজাৰ টকালৈ বৃদ্ধিৰ অনুমোদন।
বিএলঅ’ তত্বাৱধায়কৰ বাবে নূন্যতম বাৰ্ষিক পাৰিতোষিকৰ পৰিমাণ ১৫,০০০ৰ পৰা ১৮,০০০ টকালৈ বৃদ্ধি কৰাৰ অনুমোদন।
ইয়াৰ উপৰি শিক্ষাৰ্থীসকলৰ লগতে উদ্যোগিত খণ্ডৰ বাবেও কেতবোৰ বিশেষ সুবিধাৰ বিষয়ে আজিৰ কেবিনেট বৈঠকত অনুমোদন জনোৱা হয়।