আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বিহাৰৰ ১৮ খন জিলাৰ ১২১টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈ গৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা হ’বলগীয়া জিলাসমূহৰ ভিতৰত আছে মধেপুৰা, সহাৰছা, দৰভঙা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, সাৰণ, বৈশালী, সমস্তীপুৰ, বেগুছৰাই, খগড়িয়া, মুংগেৰ, লক্ষীচৰাই, শ্বেখপুৰা, নালন্দা, পাটনা, ভোজপুৰ, আৰু বক্সাৰ।
আজি নীতিশ কুমাৰ মন্ত্ৰীসভাৰ ১৪ জনকৈ মন্ত্ৰীৰ আজি ভাগ্য নিৰ্ণয় হ’ব। ৩ কোটি ৭৫ লাখ ভোটাৰে ইভিএমত বন্দী কৰিব ১৩১৪জন প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য।
বিশিষ্ট নামৰ কথা ক’বলৈ গ’লে এই পৰ্যায়ত তেজস্বী যাদৱ, সম্ৰাট চৌধুৰী, আৰু বিজয় সিনহাৰ লগতে ১৬ জন চৰকাৰী মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় হ’ব। এই নিৰ্বাচনত সৰ্বাধিক চৰ্চিত সমষ্টি মোকামাতো অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।
বিৰোধী গোটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ সমষ্টি ৰাঘোপুৰত হ’ব ভোটগ্ৰহণ। বিজেপিৰ মৈথিলী ঠাকুৰ, খেচাৰী লাল যাদৱৰ লগতে বক্সাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰো আজি ভাগ্য নিৰ্ণয় হ’ব।
কোনো কোনো অঞ্চলত সন্ধিয়া ৬ বজালৈ আৰু কোনো কোনো অঞ্চলত সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত কেইবাটাও স্পৰ্শকাতৰ বিধানসভা সমষ্টিত ভোটদানৰ সময়সীমা এঘণ্টা হ্ৰাস কৰা হৈছে। ফলস্বৰূপে এই বিধানসভা সমষ্টি আৰু বুথসমূহত সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।











