চিকিৎসালয়লৈ গ’লে ৰোগীয়ে সদায় চাফ-চিকুণতা বিচাৰে, কিন্তু বিহাৰৰ পাটনাৰ নালন্দা চিকিৎসালয়ত দেখা গ’ল ইয়াৰ বিপৰীত ছবি। যাৰ পৰিণাম ভোগ কৰিবলগীয়া হ’ল ৰোগীয়ে।
বিহাৰৰ এই নালন্দা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এক ঘটনা পোহৰলৈ আহিছে, যিয়ে আচৰিত কৰি তুলিছে সকলোকে।
হাড়ৰ ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ এগৰাকী ৰোগীৰ ভৰিৰ চাৰিওটা আঙুলি নিগনিয়ে কুটি পেলায়। এই বিষয় সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে আৰজেডি নেতা তেজস্বী যাদৱে।
এই বিষয়টো পোহৰলৈ আহে যেতিয়া ৰোগীজনৰ আত্মীয়ৰ মাজত বিশৃংখলতাৰ সৃষ্টি হয়। এই সন্দৰ্ভত পৰিয়ালৰ লোকে চিকিৎসালয়খনৰ ৱাৰ্ড ইনচাৰ্জক অভিযোগ কৰে। ৱাৰ্ড ইনচাৰ্জে এই কথাৰ উমান পাই ভৰিৰ আঙুলিৰ চিকিৎসা কৰি বেণ্ডেজ লগাই দিয়ে।
এই সন্দৰ্ভত চিকিৎসালয়খনৰ অস্থিৰোগ বিশেষজ্ঞ ডাঃ ওম প্ৰকাশেও স্বীকাৰ কৰিছে যে পাটনাৰ নালন্দা মেডিকেল কলেজ হাস্পতালত এন্দুৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। তেওঁ কয় যে ইয়াৰ বাবে তেওঁ চিকিৎসালয়ৰ অধীক্ষকলৈ পত্ৰ লিখে আৰু নিগনি অহা-যোৱা কৰা ঠাইত জাল লগোৱাৰ পৰামৰ্শ দিয়ে। ইয়াৰ সমান্তৰালকৈ তেওঁ চাফাই কৰ্মীসকলকো পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে।
এই সন্দৰ্ভত তেজস্বী যাদৱে সামাজিক মাধ্যমত পোষ্ট কৰি বহু প্ৰশ্নৰ উত্থাপন কৰিছে। নালন্দা মেডিকেল কলেজ হাস্পতালত ভৰ্তি হোৱা এজন বিশেষভাৱে সক্ষম ৰোগীয়ে নিশা গভীৰ টোপনিত থকা অৱস্থাত ভৰিৰ আঙুলিবোৰ এন্দুৰে কুটি পেলায়।
এই ঘটনা যোৱা ১৭ মে’ত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ডায়েবেটিক নিউৰ’পেথীৰ বাবে অৱাধেশ কুমাৰৰ আনখন ভৰিতো সমস্যা হৈছিল। প্ৰায় ২০ দিন পূৰ্বে তেওঁক এন এম চি এইচৰ অস্থিৰোগ বিভাগৰ ডাঃ ওম প্ৰকাশৰ ইউনিটত ভৰ্তি কৰা হৈছিল। অপাৰেচনৰ অন্তত অৱাধেশ কুমাৰক অস্থিৰোগ বিভাগৰ ইউনিট ৪ৰ ৫৫ নং বিচনাত ভৰ্তি কৰোৱা হয়।
১৭ মে’ত নিশা তেওঁৰ টোপনি অহাত এন্দুৰে তেওঁৰ ভৰিৰ আঙুলি খাই শেষ কৰে।
অভিযোগ অনুসৰি, এই চিকিৎসালয়খনত শেহতীয়াকৈ এন্দুৰে এজন মৃত ব্যক্তিৰ চকু কামুৰি শেষ কৰিছিল যদিও এতিয়ালৈকে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিবলৈ পোৱা যায়।