বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ অভিযানে প্ৰায় অন্তিম পৰ্যায় পাইছে। নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি নিজৰ নিজৰ ঠিকনাত সাক্ষাৎ নোপোৱা লোকৰ সংখ্যা ৩৫ লাখৰ পৰা ৩৭ লাখলৈ বৃদ্ধি পাইছে।
ইয়াৰে অধিকাংশ লোকৰ মৃত্যু হৈছে আৰু আন একাংশ লোক বেলেগ বেলেগ ঠাইলৈ স্থানান্তৰিত হৈছে। যদিহে বুথ লেভেল এজেণ্টছৰ তৰফৰ পৰা কৰিবলগীয়া ক্ৰছ ভেৰিফিকেশ্যনৰ পিছতো যদি এই তথ্য সঠিক হয় তেন্তে এই লোকসকলৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা হ’ব।
নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ পৰীক্ষণ প্ৰক্ৰিয়াত এতিয়ালৈকে ৯৪.৬৮ শতাংশ ভোটাৰক অন্তৰ্ভুক্ত কৰা হৈছে। নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক তথ্য অনুসৰি এই পৰ্যন্ত মুঠ ৭ কোটি ৮৯ লাখ ৬৯ হাজাৰ ৮৪৪ ভোটাৰৰ ভিতৰত ৭ কোটি ৪৮ লাখ ৫৯ হাজাৰ ৬৩১ ভোটাৰৰ পৰীক্ষণ সম্পন্ন হৈছে।
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত ৯০.১২ শতাংশ প্ৰ-পত্ৰ পূৰণ কৰা হৈছে। প্ৰায় ৪.৬৭ শতাংশ ভোটাৰক তেওঁলোকৰ ঠিকনাত পোৱা নাই। ইয়াৰে অধিকাংশ লোকৰ মৃত্যু হৈছে আৰু আন একাংশ অন্য ঠাইলৈ স্থানান্তৰিত হৈছে। আনহাতে কিছু লোকক কেইবাটাও ঠাইত পঞ্জীভুক্ত কৰাৰ তথ্য পোৱা গৈছে।
ইফালে পৰীক্ষণ নোহোৱা ভোটাৰৰ বাবে প্ৰ-পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে আৰু প্ৰায় ৫.২ শতাংশ গণনা প্ৰ-পত্ৰ লাভ কৰিবলৈ বাকী আছে।