ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰাৰ বাবে আধাৰ কাৰ্ড, ৰেশ্যন কাৰ্ড আৰু পূৰ্বতে জাৰি কৰা ভোটাৰ কাৰ্ড পৰ্যাপ্ত নহয়। বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এই উত্তৰ প্ৰদান কৰিছে নিৰ্বাচন আয়োগে।
বিহাৰত ভোটাৰ তালিকা পুনৰীক্ষণক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত ইয়াৰ পূৰ্বে হোৱা শুনানিৰ সময়ত সৰ্বোচ্চ ন্যায়ালয়ে ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰাৰ ক্ষেত্ৰত এই তিনিবিধ নথি পত্ৰ অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। কিন্তু আজি নিৰ্বাচন আয়োগে এই তিনিবিধ নথি পত্ৰ পৰ্যাপ্ত নহয় বুলি আদালতত স্পষ্টভাৱে উত্তৰ প্ৰদান কৰে।
নিৰ্বাচন আয়োগৰ তৰফৰ পৰা দিয়া শপতনামাত আধাৰ কাৰ্ডৰ বিষয়ে কোৱা হৈছে যে ই কেৱল পৰিচয় পত্ৰহে, নাগৰিকত্বৰ প্ৰমাণ নহয়। গতিকে কেৱল আধাৰ কাৰ্ডৰ বাবেই কাকো ভোটাৰ তালিকাত স্থান দিব নোৱাৰি। আয়োগে আধাৰ আইন, ২০১৬ৰ ৯ নং ধাৰা উল্লেখ কৰিছে। এই ধাৰাত স্পষ্টকৈ উল্লেখ আছে যে আধাৰ কাৰ্ডে কাকো ভাৰতীয় নাগৰিকত্ব নিদিয়ে।
ইফালে ৰেশ্যন কাৰ্ড সন্দৰ্ভত দিয়া উত্তৰত আয়োগে কয় য়ে ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ ৰেশ্যন কাৰ্ড বিশ্বাসযোগ্য নথি নহয়। দেশত বৃহত পৰিমাণৰ ভুৱা ৰেশ্যন কাৰ্ড আছে। চলিত বছৰতে ভাৰত চৰকাৰে ৫ কোটি ভুৱা ৰেশ্যন কাৰ্ড বাতিল কৰিছিল।
আয়োগে লগতে স্পষ্ট কৰি দিয়ে যে ভোটাৰ পুনৰীক্ষণত এই নথিসমূহ দাখিল কৰাত কোনো নিষেধাজ্ঞা নাই। যদি এই নথিসমূহৰ লগতে আন নিৰ্ভৰযোগ্য নথি-পত্ৰ দাখিল কৰা হয়, তেন্তে সেইবোৰ গ্ৰহণ কৰিব পৰা যাব। সেইবোৰ গ্ৰহণ বা প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ত স্থানীয় নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’) বা সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়াই (এ ই আৰ অ’) তেওঁলোকৰ সন্তুষ্টিৰ ভিত্তিত ল’ব পাৰে।
উল্লেখ্য যে, বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত অহা ২৮ জুলাইত সৰ্বোচ্চ ন্যায়ালয়ত হ’ব পৰৱৰ্তী শুনানি।