পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগানা জিলাৰ উস্থীস্থিত বিজেপিৰ কাৰ্যালয়ৰ ভিতৰত দলৰ এগৰাকী নেতাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা পৃথ্ৱীৰাজ নস্কৰ নামৰ লোকজনে জিলা বিজেপিৰ ছ’চিয়েল মিডিয়া পেজৰ হৈ কাম কৰিছিল। আৰক্ষীয়ে এই কথা জানিব দিয়ে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে যদিও বিজেপিয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তৃণমূল কংগ্ৰেছক দোষাৰোপ কৰিছে। ইফালে আৰক্ষীয়ে ব্যক্তিগত কাৰণত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।
উল্লেখ্য যে, শুকুৰবাৰে নিশা বিজেপি কাৰ্যালয়ৰ ভিতৰত তেজেৰে লুতুৰি পুতুৰি থকা অৱস্থাত পৃথ্ৱী নস্কৰৰ মৃতদেহ উদ্ধাৰ হৈছিল। তেওঁ ৫ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা বুলি জানিব দিয়ে পৰিয়ালৰ লোকে।
ইফালে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা মহিলাগৰাকীয়ে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে বুলিও আৰক্ষীয়ে জনায়।