আৰ্থিক সংকট, প্ৰেমজনিত কাৰণ অথবা অন্য কিবা কাৰণত বিতুষ্ট হৈ কোনো ব্যক্তিয়ে আত্মহত্যা কৰাৰ খবৰ আপুনি বহুবাৰ লাভ কৰিছে। কিন্তু পত্নীয়ে সুস্বাদু ব্যঞ্জন নবনোৱাৰ বাবে স্বামীয়ে আত্মহত্যা কৰাৰ খবৰ আপুনি শুনিছেনে? আচহুৱা যেন লাগিলেও এয়া সত্য আৰু এই ঘটনা সংঘটিত হৈছে ছত্তীশড়ৰ ধামতৰী জিলাত।
স্থানীয় আৰক্ষীয়ে এই তথ্য প্ৰদান কৰি কয় যে সোমবাৰে নিশা ছিহাবা থানাৰ অন্তৰ্গত শংকৰ গাঁৱত এই ঘটনাটো সংঘটিত হৈছে।
প্ৰাথমিক তথ্য অনুসৰি সোমবাৰে সন্ধিয়া মৃত টিকুৰাম সেনে ঘৰলৈ কণী আনি পত্নীক ইয়াৰ আঞ্জা বনাবলৈ কয়। পত্নীয়ে উৎসৱৰ আগদিনা ‘কৰু ভাত’ (এবিধ বিশেষ ধৰণৰ খাদ্য) খাব লাগিব বুলি অৱগত কৰে। কিয়নো পিছদিনা পানীবিহীন ব্ৰত ৰাখিব বুলি উল্লেখ কৰি কণীৰ আঞ্জা বনাবলৈ অস্বীকাৰ কৰে।
পত্নীৰ এই কথাত অসন্তুষ্ট হৈ স্বামী টিকুৰামে ঘৰৰ পৰা ওলাই গৈ ঘৰৰ সমীপৰে এডাল গছত চীপ লৈ আত্মহত্যা কৰে। পিছত ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, ছত্তীশগড়ৰ বিবাহিতা মহিলাসকলে পৰম্পৰাগতভাৱে তীজ উৎসৱৰ প্ৰাকক্ষণত ‘কৰু ভাত’ খায়। স্বামীৰ দীৰ্ঘায়ু আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ পানীবিহীন ব্ৰত পালন কৰাৰ পূৰ্বে এই খাদ্য খোৱাৰ প্ৰথা।