আমেৰিকাত প্ৰতি ঘণ্টাত ২৯৮ কিলোমিটাৰ বেগত ফ্ল’ৰিডা উপকূলৰ ফালে আগবাঢ়িছে মিল্টন। বৃহস্পতিবাৰে কেন্দ্ৰীয় ফ্ল’ৰিডাত ঘূৰ্ণীবতাহ মিল্টনে সৃষ্টি কৰে ভয়ংকৰ এক ধ্বংসলীলাৰ। এই ধুমুহাই ৰাজ্যখনৰ পশ্চিম উপকূলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।
এই ধুমুহাৰ ফলত মাৰাত্মক টৰ্ণেডোৰ সৃষ্টি হয়, যিয়ে ঘৰ-দুৱাৰ সকলো এফালৰ পৰা ধ্বংস কৰে। ধুমুহাৰ ফলত প্ৰায় ২ নিযুত ঘৰ বিচ্ছিন্ন হৈ পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল হাৰিকেন চেণ্টাৰে কয় যে, বুধবাৰে নিশা প্ৰায় ৮:৩০ বজাত এই ধুমুহা “শ্ৰেণী ৩” ৰ ঘূৰ্ণীবতাহ হিচাপে ছিয়েষ্টা কীৰ ওচৰলৈ আহে।
এই সময়ছোৱাত বতাহৰ গতি বেগ আছিল প্ৰতি ঘণ্টাত ১২০ মাইল (প্ৰতি ঘণ্টাত ১৯৫ কিলোমিটাৰ)। পশ্চিম-মধ্য ফ্ল’ৰিডাৰ কিছু অংশত আকস্মিক বানপানী হৈছে।
ফ্ল’ৰিডাৰ গভৰ্ণৰ ৰন ডেচেণ্টিছে কৈছে যে, ধুমুহাৰ ফলত কমেও ১৯ টা টৰ্ণেডো সৃষ্টি হয় আৰু কেইবাটাও ঠাইত ক্ষতি সাধন হয়, যাৰ ফলত প্ৰায় ১২৫ টা ঘৰ ধ্বংস হৈছিল, যাৰ বেছিভাগেই ভ্ৰাম্যমাণ ঘৰ।
ধুমুহাৰ ফলত ইতিমধ্যে ৰাজ্যখনত গেছ’লিনৰ চাহিদা বৃদ্ধি পাইছে। এই ধুমুহাৰ ফলত পানী যোগানও প্ৰভাৱিত হৈছে। বহু ঠাইত পাইপলাইন ভাঙি গৈছে, যাৰ ফলত সাধাৰণ জনতাৰ সমস্যা বৃদ্ধি হৈছে। ফ্লৰিডাৰ উপসাগৰীয় উপকূলত আৰু ইয়াৰ আশে-পাশে বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।
ৰাষ্ট্ৰপতি জো বাইডেনে ফ্ল’ৰিডাৰ বাবে এক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে আৰু সহায়ৰ বাবে ৭,০০০ উদ্ধাৰকাৰী কৰ্মী নিয়োগ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ জাৰ্মানী আৰু এংগোলা ভ্ৰমণ হাৰিকেন মিল্টনৰ বাবে পিছুৱাই দিয়া হৈছে।
ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে মানুহক সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, এইটো ফ্ল’ৰিডাত এটা শতিকাৰ আটাইতকৈ ভয়ংকৰ ধুমুহা হ’ব পাৰে। ইয়াৰ বাবে সকলোৱে সাৱধান আৰু সুৰক্ষিত হোৱা উচিত।