প্ৰাচীন কালৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত দুৰ্গা পূজাৰ প্ৰচলন আছে বুলি বহুতো তথ্য আছে। বহুপৌৰাণিক ৰীতি নীতি, পৰম্পৰা, কাহিনী অথবা শাস্ত্ৰীয় ব্যাখ্যা জড়িত হৈ আছে এই দুৰ্গোৎসৱৰ লগত।
নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয়। শাৰদীয় নৱৰাত্ৰিৰ আজি সপ্তম দিন। (মহাসপ্তমীৰ এই দিনটোত দেৱী দুৰ্গাৰ কালৰাত্ৰি ৰূপৰ পূজা কৰা হয় আৰু ভক্তসকলে উপবাস ৰাখে।
কালৰাত্ৰি হৈছে মা দুৰ্গাৰ অন্যতম তথা সপ্তম ৰূপ। দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত (৮১-৯৩) কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়।কালী আৰু কালৰাত্ৰিক ভিন্ন হিচাপে গণ্য কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত দুয়োকে একেগৰাকী দেৱী হিচাপেও অভিহিত কৰা হয়।
শাস্ত্ৰত বৰ্ণনা কৰা মতে দেৱীৰ এই ৯টা ৰূপৰ নাম হ’ল–১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী । কোৱা হয় যে, নৱৰাত্ৰিত যিয়ে মাতৃৰ এই নটা ৰূপৰ বৰ্ণনা আৰু কাহিনী শ্ৰদ্ধাৰে শুনে বা পাঠ কৰে, তেতিয়া মা তেওঁৰ ওপৰত সন্তুষ্ট হয় আৰু তেওঁৰ বিশেষ কৃপা থাকে।
বিশ্বাস অনুসৰি কালৰাত্ৰীক উপাসনা কৰিলে ভয় দূৰ হয়, তেওঁ সংকটৰ পৰা সুৰক্ষা দিয়ে আৰু মানুহে শুভ ফলাফল লাভ কৰে। শুভ ফলাফল প্ৰদান কৰাৰ বাবে কালৰাত্ৰিৰ শুভংকৰী বুলি জনা যায়। কালৰাত্ৰি দেৱীক উপাসনা কৰিলে অকাল মৃত্যুৰ ভয়ো নোহোৱা হৈ যায়, ৰোগ আৰু ত্ৰুটিও দূৰ হয়।
দেৱী কালৰাত্ৰিৰ ৰূপটো অতি দুৰ্ধৰ্ষ, ভয়ানক আৰু শৰীৰৰ বৰণ ক’লা। কালৰাত্ৰি দেৱীয়ে শত্ৰুৰ ওপৰত ভয় তথা ত্ৰাসৰ সৃষ্টি কৰে, সেইবাবে তেওঁক কালৰাত্ৰি বুলি কোৱা হয়। ৰক্তবীজৰ বধৰ সময়ত দেৱী দুৰ্গাই কালৰাত্ৰিৰ ৰূপ লৈছিল বুলি বিশ্বাস আছে। দেৱী কালৰাত্ৰিৰ বাহন হৈছে গাধ, খোলা চুলি, হাতত খঞ্জৰ আৰু ভৰাজ পিন্ধে।
কালৰাত্ৰি এগৰাকী হিন্দু দেৱী । তেওঁ নৱদুৰ্গাৰ অন্যতম আৰু দুৰ্গা দেৱীৰ সপ্তম শক্তি । কালৰাত্ৰি হৈছে দৃষ্টিৰ দেৱী । তেওঁৰ ছালৰ ৰং ডাঠ আন্ধাৰৰ দৰে ক’লা । মা কালৰাত্ৰি শ্যামল বৰণৰ । মাৰ ডিঙিত বজ্ৰপাতৰ হাৰ এটা দোল খাই আছে । মা কালৰাত্ৰি তৃণায়নী আৰু তেওঁৰ চকু দুটা বিশ্বব্ৰহ্মাণ্ডৰ দৰে ঘূৰণীয়া । তেওঁৰ উশাহ-নিশাহৰ লগে লগে ভয়ংকৰ শিখা নিৰ্গত হয় । কালৰাত্ৰিৰ বাহন হৈছে গর্দভ বা গাধ । লগতে মা কালৰাত্ৰিয়ে হাতত ত্ৰিশূল ধাৰণ কৰে । মা কালৰাত্ৰি দেখাত ভয়ংকৰ হ’লেও তেওঁক মংগলৰ দেৱী বুলি কোৱা হয় ।
মহাসপ্তমীৰ দিনাই দেৱী দুৰ্গাক আহ্বান কৰি নৱপত্ৰিকা স্থাপনেৰে পূজাৰ আৰম্ভণি কৰা হয়। মহাসপ্তমী পূজাৰ দিনটোৰ পৰাই এই নৱপত্ৰিকা আৰু যুৰীয়া বেলত দেৱী দুৰ্গাৰ উপাসনা কৰা হয়। নৱপত্ৰিকা ৯বিধ সামগ্ৰীৰে অতি সুন্দৰভাৱে সজোৱা হয়। ৯ বিধ সামগ্ৰী হ’ল কলগছ, ধান, ডালিম, বেল, হালধি, অশোক গছ, জয়ন্তী ফুলৰ গছ, বগা অপৰাজিতা আৰু কচু। এইকেইবিধ সামগ্ৰীৰে নৱপত্ৰিকাক কইনাৰ ৰূপত দীঘল উৰণিৰে ঢাকি পূজা কৰা হয়।












