বৰ্তমান সময়ত ডায়েবেটিছ এক গুৰুতৰ সমস্যা হৈ পৰিছে। কেৱল বৃদ্ধই নহয় যুৱক-যুৱতীসকলো ইয়াৰ কবলত পৰে।
এই ডায়েবেটিছ ৰোগ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব নোৱাৰি, কিন্তু ইয়াক সঠিক আহাৰ আৰু জীৱনশৈলীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। এনে পৰিস্থিতিত, মধুমেহ অৰ্থাৎ ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ আহাৰৰ বিশেষ যত্ন লোৱা উচিত।
ডায়েটিছিয়ান মোহিনী ডংৰে কৈছে যে, অলপ অসাৱধানতাই ডায়েবেটিছ ৰোগীসকলৰ বাবে বিপদজনক প্ৰমাণিত হ’ব পাৰে। এনে ৰোগীসকলে নিজৰ খাদ্য তালিকাত ৪বিধ পাচলি অন্তৰ্ভুক্ত কৰিব লাগে, যিয়ে তেওঁলোকৰ শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ সঠিক ৰাখে।
জানো আহক এই ৪বিধ পাচলিৰ বিষয়ে সবিশেষ-
কেৰেলা
যদি ডায়েবেটিচৰ সমস্যা হয়, তেনেহ’লে তিতা কেৰেলা খোৱাটো অতি শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত ভিটামিন আৰু খনিজ পদাৰ্থৰ উপৰিও যথেষ্ট পৰিমানে আঁহ থাকে। এই সকলোবোৰ উপাদানে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নিয়মীয়াকৈ এই পাচলি গ্ৰহণ কৰিলে, ই শৰীৰত ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে।
ব্ৰকলি
মধুমেহ ৰোগীসকলৰ বাবে ব্ৰকলি খোৱাটোও অতি উপকাৰী। ইয়াত ক্ৰমিয়াম থাকে, যিয়ে শৰীৰত ইনচুলিনৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে। ব্ৰকলিত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়। ই হজম শক্তি উন্নত কৰাত সহায় কৰে। ইয়াৰ উপৰিও, ই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে।
পালেং শাক
পালেং শাকে আইৰনৰ যোগান ধৰে। কিন্তু ই মধুমেহ ৰোগীসকলৰ বাবে অতি উপকাৰী। পালেং শাকৰ গ্লাইচেমিক সূচক কম থাকে। ই লাহে লাহে শৰীৰৰ পৰা গ্লুক’জ শোষণ কৰে। ইয়াৰ লগতে, পালেং শাকত এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি ৰক্ত শৰ্কৰা হ্ৰাস কৰে।
ভেন্দি
ডায়েবেটিক ৰোগীৰ বাবে ভেণ্ডি খোৱাটো অতি উপকাৰী। ইয়াত যথেষ্ট পৰিমাণে আঁহ পোৱা যায়।ই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও, ভেণ্ডিত কিছুমান উপাদান থাকে, যি ইনচুলিন উৎপাদনত সহায় কৰে।