‘মেক আমেৰিকা গ্ৰেট এগেইন’ শ্লোগানেৰে দ্বিতীয়বাৰৰ বাবে শাসনভাৰ দখল কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত অত্যধিকক শুল্ক আৰোপ কৰি আমেৰিকাৰ বাণিজ্যিক ঘাটি হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰিছে।
শুল্ক যুদ্ধক লৈ বিভিন্ন দেশৰ সৈতে আমেৰিকাৰ সম্পৰ্ক বেয়াৰ ফালে ঢাল খোৱাৰ সময়তে এইবাৰ ইউৰোপৰ ওপৰত ক্ষোভ উজাৰিছে ড’নাল্ড ট্ৰাম্পে।
ইউৰোপে গুগলৰ ওপৰত ২.৯ বিলিয়ন ডলাৰ (প্ৰায় ২৯ হাজাৰ কোটি টকা) জৰিমনা বিহা কাৰ্যত ক্ষুণ্ণ হৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথৰ জৰিয়তে কয়, ‘গুগলৰ ওপৰত ইউৰোপে ৩.৫ বিলিয়ন ডলাৰ জৰিমনা বিহিছে। এইটো আমেৰিকাৰ কোম্পানী আৰু বিনিয়োগৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱস্থা। ইউৰোপে বিগত সময়তো গুগল আৰু অন্যান্য আমেৰিকান টেক কোম্পানীসমূহৰ ওপৰতো গধুৰ জৰিমনা বিহি আহিছে, এইটো আমেৰিকাৰ কৰদাতাৰ প্ৰতি অন্যায়।’
ট্ৰাম্পে লগতে সকীয়নি দিয়ে যে যদি ইউৰোপে এনে কাৰ্য বন্ধ নকৰে তেন্তে তেওঁৰ চৰকাৰে ৩০১ নং ধাৰাত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু অন্যায় জৰিমনা বিহাৰ প্ৰত্যাহ্বান জনোৱা হ’ব।
ট্ৰাম্পৰ কঠোৰ সকীয়নিৰ বিপৰীতে ইউৰোপীয় আয়োগে গুগলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ডিজিটেল বিজ্ঞাপন প্ৰযুক্তিৰ অপব্যৱহাৰৰ বাবে ইউৰোপীয় আয়োগে গুগলৰ ওপৰত এই জৰিমনা বিহিছে।