নৰ্থ-ইষ্ট ইউনাইটেড এফ চি আৰু ডায়মণ্ড হাৰ্বাৰ এফ চিৰ মাজত অনুষ্ঠিত হোৱা ফাইনেল মেচৰ সহায়ত অন্ত পৰিল এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট তথা ভাৰতৰ অন্যতম সন্মানীয় প্ৰতিযোগিতা ডুৰাণ্ড কাপ।
আজি কলকাতাত অনুষ্ঠিত হোৱা ১৩৪ সংখ্যক ছিজনৰ ফাইনেল মেচখনত প্ৰত্যাশিতভাৱে দমনীয় প্ৰদৰ্শন আগবঢ়াই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিলে নৰ্থ-ইষ্ট ইউনাইটেডে। নৰ্থ-ইষ্ট ইউনাইটেডে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত অংশ লোৱা ডায়মণ্ড হাৰ্বাৰ এফ চিক ৬-১ৰ বিশাল ব্যৱধানত পৰাস্ত কৰে।
আৰম্ভণিৰে পৰা আক্ৰমণাত্মক শৈলীৰে খেলা নৰ্থ-ইষ্ট ইউনাইটেডে মেচৰ প্ৰথমাৰ্ধতে ২-০ৰ অগ্ৰগতি লাভ কৰে। প্ৰথমাৰ্ধত দলৰ হৈ প্ৰথমটো গ’ল ৩০ মিনিটত আশীৰ আখতাৰ আৰু ৪৫+১’ মিনিটত পাৰ্থিৱ গগৈয়ে দ্বিতীয়টো গ’ল স্কৰ কৰে।
আনহাতে দ্বিতীয়াৰ্ধৰ ৫০ মিনিটত থয় সিঙে দলৰ হৈ তৃতীয়টো গ’ল প্ৰদান কৰে। ইয়াৰ পিছত ৮১ মিনিটত জাইৰো ছেমপেৰিঅ’, ৮৬ মিনিটত এণ্ডি ৰড্ৰিগেজ আৰু ইঞ্জুৰি টাইম ৯৩ মিনিটত আজাৰাইয়ে দলৰ হৈ গ’ল প্ৰদান কৰে।
আনহাতে ডায়মণ্ড হাৰবাৰ এফ চিৰ হৈ একমাত্ৰ গ’লটো প্ৰদান কৰে লুকাই। এই দৰে সন্মানীয় প্ৰতিযোগিতাখনত ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে ৬-১ গ’লৰ বৃহত ব্যৱধানত নৰ্থ-ইষ্ট ইউনাইটেড দলে খিতাপ দখল কৰিবলৈ সক্ষম হয়।