পশ্চিম বংগৰ দুৰ্গা পূজাৰ কমিটিসমূহলৈ ডাঙৰ খবৰ। বৃহস্পতিবাৰে পশ্চিম বংগ চৰকাৰে দুৰ্গা পূজাৰ আয়োজক সমিতিসমূহৰ বাবে এটা ডাঙৰ ঘোষণা কৰি তেওঁলোকক দিয়া অনুদানৰ পৰিমাণ বৃদ্ধি কৰে। এতিয়া পশ্চিম বংগৰ দুৰ্গা পূজা সমিতিসমূহে ১.১০ লাখ টকাৰ অনুদান লাভ কৰিব।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে এই ঘোষণা কৰে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ প্ৰায় ৪০ হাজাৰ দুৰ্গা পূজা সমিতি লাভান্বিত হ’ব বুলি মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে ঘোষণা কৰে।
উল্লেখ্য যে, বিগত বৰ্ষত ৰাজ্য চৰকাৰৰ পৰা পূজা সমিতিসমূহে ৮৫ হাজাৰকৈ টকা লাভ কৰিছিল। অৰ্থাত এইবাৰ বিগত বৰ্ষৰ তুলনাত সমিতিসমূহে ২৫ হাজাৰকৈ অধিক ধন লাভ কৰিব।
দুৰ্গা পূজাসমূহৰ আয়োজক সমিতিৰ সৈতে হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কয়, ‘জনসাধাৰণৰ পক্ষত আছে চৰকাৰ। দুৰ্গা পূজা কেৱল ধৰ্মীয় উৎসৱ নহয়; ই সকলোকে সংযোগ কৰা এক সাংস্কৃতিক উৎসৱ। আমি নিশ্চিত কৰিব বিচাৰো যে আয়োজকসকলে যাতে কোনো ধৰণৰ মানসিক চাপ নোহোৱাকৈ নিজৰ খৰচ পৰিচালনা কৰিব পাৰে।’