২০১০ৰ পিছত সুদীৰ্ঘ ২০ বছৰৰ অন্তত ২০৩০ চনত ভাৰতত পুনৰ কমলৱেলথ গেমছ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰে কমনৱেলথ গেমছ ২০৩০ আয়োজনৰ নিবিদাত অনুমোদন জনাইছে। ইয়াৰ অধীনত গুজৰাট চৰকাৰৰ সৈতে আয়োজক সহযোগিতা চুক্তি আৰু অনুদান-সাহায্যও অনুমোদন জনোৱা হৈছে।
আহমেদাবাদক ‘আদৰ্শ আয়োজক চহৰ’ হিচাপে বিবেচিত হৈছে, য’ত আছে বিশ্বমানৰ ষ্টেডিয়াম, অত্যাধুনিক প্ৰশিক্ষণৰ সুবিধা আৰু ক্ৰীড়াৰ প্ৰতি গভীৰ আকৰ্ষণ। ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ দৰে বৃহৎ প্ৰতিযোগিতাসমূহ সফলতাৰে আয়োজন কৰি ইতিমধ্যে বিশ্বৰ সৰ্ববৃহৎ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামে নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে। যদিহে ভাৰতে আতিথ্য লাভ কৰে, তেন্তে ই কেৱল ৭২খন দেশৰ অংশগ্ৰহণৰ সাক্ষী হোৱাই নহয়, বিভিন্ন খণ্ডত কৰ্মসংস্থাপন, পৰ্যটন আৰু সুযোগ বৃদ্ধি কৰিব।
কেবিনেট অনুমোদনৰ মাত্ৰ কেইদিনমান পূৰ্বে ভাৰতীয় অলিম্পিক সন্থাই বিশেষ সাধাৰণ সভাত এই নিবিদাক আনুষ্ঠানিক অনুমোদন দিছিল। ১৩ আগষ্টত অনুষ্ঠিত এই বৈঠকত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হয় যে ভাৰতে ৩১ আগষ্টৰ সময়সীমাৰ পূৰ্বে এই প্ৰস্তাৱ দাখিল কৰিব লাগে।এইটোও স্পষ্ট কৰি দিছে যে যদিহে নিবিদা গ্ৰহণ কৰা হয় তেন্তে গুজৰাট চৰকাৰক অনুদান-সাহায্য আৰু আতিথ্য সহযোগিতা চুক্তিৰ সুবিধা প্ৰদান কৰা হ’ব।