গাজাত শান্তিৰ বাবে বিশ্বব্যাপী সমৰ্থন লাভ কৰি উৎসাহিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হোৱা যেন লাগে। হোৱাইট হাউছে এই পদক্ষেপক যুদ্ধবিধ্বস্ত গাজাত শান্তি স্থাপনৰ বাবে ট্ৰাম্পৰ দূৰদৰ্শী পৰিকল্পনা বুলি অভিহিত কৰিছে।
আমেৰিকা প্ৰশাসনে বিশেষভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই পৰিকল্পনাৰ সমৰ্থনৰ ওপৰত আলোকপাত কৰে। হোৱাইট হাউছে দাবী কৰিছে যে বিশ্বই এই পৰিকল্পনাক গেম চেঞ্জাৰ হিচাপে চাইছে।
বুধবাৰে হোৱাইট হাউছে এক বিবৃতি প্ৰকাশ কৰি কয় যে ট্ৰাম্পৰ এই পৰিকল্পনাই বছৰ বছৰ ধৰি চলি থকা বিধ্বংসী যুদ্ধৰ পিছত এক সম্ভাৱ্য টাৰ্নিং পইণ্টক প্ৰতিনিধিত্ব কৰে। বিবৃতিটোত উল্লেখ কৰা হৈছে যে বিশ্বৰ দেশসমূহে ট্ৰাম্পৰ এই পৰিকল্পনাক “গেম চেঞ্জাৰ” বুলি অভিহিত কৰিছে।
এই পৰিকল্পনাত যুদ্ধৰ তাৎক্ষণিক অন্ত পেলোৱা, সকলো পণবন্দীক মুকলি কৰি দিয়া, আৰু মানৱীয় সাহায্য অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ চূড়ান্ত লক্ষ্য হৈছে গাজাক সমৃদ্ধি আৰু স্থায়ী শান্তিৰ প্ৰতীক হিচাপে গঢ়ি তোলা।
আমেৰিকা প্ৰশাসনে উল্লেখ কৰিছে যে আৰব দেশৰ পৰা পশ্চিমীয়া দেশলৈকে নেতাই এই পৰিকল্পনাক সমৰ্থন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়েও ছ’চিয়েল মিডিয়া পোষ্টত এই পদক্ষেপক আদৰণি জনাই লিখিছে যে এই ঘোষণাই পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ বাবে স্থায়ী শান্তি, নিৰাপত্তা, আৰু উন্নয়নৰ এক ব্যৱহাৰিক পথ আগবঢ়াইছে। এই পদক্ষেপত সংশ্লিষ্ট সকলো পক্ষই সহযোগ কৰিব বুলি আশা প্ৰকাশ কৰে মোদীয়ে।