কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝিৰ নাতিনীয়েকক কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে। মৃত মহিলাগৰাকীক সুষমা দেৱী বুলি চিনাক্ত কৰা হৈছে। এই চাঞ্চল্যকৰ ঘটনাটো বিহাৰৰ গয়া জিলাত সংঘটিত হৈছে।
বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি, এই হত্যাকাণ্ডত জড়িত আছে সুষমাৰ স্বামী ৰমেশ।
জানিব পৰা অনুসৰি, সুষমাই আতৰী ব্লকত বিকাশ মিত্ৰ হিচাপে কাম কৰিছিল, আনহাতে অভিযুক্ত ৰমেশ এগৰাকী ট্ৰাক চালক। দুপৰীয়া প্ৰায় ১২ বজাত সংঘটিত হয় এই হত্যাকাণ্ড।
অভিযুক্ত স্বামীয়ে দেশীয় নিৰ্মিত পিষ্টলেৰে ঘৰৰ ভিতৰতে পত্নীক গুলীয়াই হত্যা কৰি পিষ্টলটো পেলাই পলায়ন কৰে।
উল্লেখ্য যে ১৪ বছৰ পূৰ্বেই দুয়োজনে বিবাহপাশত আৱদ্ধ হৈছিল। ঘটনা সংঘটিত হোৱাৰ সময়ত মৃতকৰ ভগ্নী আৰু সন্তান আন এটা কোঠাত আছিল। গুলীৰ শব্দ শুনাৰ লগে লগে ভগ্নী আৰু সন্তান ঘটনাস্থলত উপস্থিত হয়।
ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰাৰ উপৰি সম্প্ৰতি আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
ইফালে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই জানিব দিয়া অনুসৰি ঘটনাৰ তদন্তৰ বাবে বিশেষ দল গঠন কৰা হৈছে।