আজি (২২ ছেপ্টেম্বৰ)ৰ পৰা কাৰ্যকৰী হৈছে নতুন জিএছটি হাৰ। খাদ্য আৰু পানীয় আৰু ঔষধকে ধৰি বহু সামগ্ৰীৰ জিএছটি ১৮%ৰ পৰা ০%লৈ হ্ৰাস কৰা হৈছে। অৱশ্যে ৫৬ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, “এটা বিশেষ হাৰ আছে যিটো ৪০%।
লগতে বিলুপ্ত কৰা হৈছে ১২% আৰু ২৮% স্লেব। এতিয়া প্ৰযোজ্য হ’ব ৫% আৰু ১৮% স্লেব। আজিৰ পৰা জি এছ টি ৰেটৰ পৰিৱৰ্তনৰ লগে লগে বহু সামগ্ৰী সস্তা হ’ব। যিবোৰ বস্তুৰ ওপৰত জি এছ টিৰ হাৰ সলনি হ’ব, সেইবোৰৰ ভিতৰত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি বাহন আৰু ঔষধলৈকে সকলো আছে, যিয়ে সাধাৰণ মানুহক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে।
ইয়াৰ পূৰ্বে গাখীৰ, ছানা, পনীৰ, পাউৰুটি আৰু ৰুটিৰ ওপৰত ৫ শতাংশ জি এছ টি আছিল। সেই কৰ সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হৈছে। চিগাৰেট, ধঁপাত, আৰু অন্যান্য আনুষংগিক সামগ্ৰী বাদ দি নতুন কৰ হাৰ আজি কাৰ্যকৰী হ’ব। চাবোন, পাউদাৰ, কফি, ডায়েপাৰ, বিস্কুট, ঘিউ, তেল সস্তা হ’ব।জাম, জেলী, কাঠফুলা, নাৰিকল পানী, ইষ্ট, চয়াবিনৰ ভূজিয়া আৰু ২০ লিটাৰ খোৱাপানীৰ বটলৰ GSTও ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।
জি এছ টি স্লেবৰ পৰিৱৰ্তনে গৃহ নিৰ্মাতাসকলকো সকাহ দিব। চৰকাৰে চিমেণ্টৰ জি এছ টি ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰিছে, যাৰ ফলত ঘৰ নিৰ্মাণৰ ব্যয় সামান্য হ্ৰাস পাব। ইয়াৰ দ্বাৰা বিল্ডাৰ আৰু ঘৰ ক্ৰেতা উভয়েই লাভৱান হ’ব।
টিভি, এচি, ফ্ৰীজ, ৱাশ্বিং মেচিন আদি সামগ্ৰীৰ দামও হ্ৰাস পাব। পূৰ্বে এইবোৰৰ ওপৰত ২৮ শতাংশ জি এছ টি আছিল যদিও এতিয়া এইবোৰ ১৮ শতাংশ স্লেবত আছে। কোম্পানীসমূহে মূল্য হ্ৰাসৰ কথা ঘোষণা কৰিছে, যাৰ ফলত এই সামগ্ৰীসমূহ অধিক লোকৰ বাবে অধিক সুলভ হৈ পৰিছে।সৰু গাড়ীৰ ওপৰত আৰোপিত জি এছ টিও পূৰ্বৰ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত মটৰগাড়ীসমূহ মধ্যবিত্ত শ্ৰেণীৰ বাবে অধিক বহনক্ষম হৈ উঠিব আৰু যানবাহন খণ্ডও শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। জি এছ টি হ্ৰাস পোৱাৰ ফলত নিৰ্মাণ খণ্ড, ক্রয়-বিক্রয় সেৱা আৰু বিত্তিয় খণ্ডৰ কৰ্মসংস্থাপনৰ সুবিধাৰ সৃষ্টি হ‘ব আৰু দেশৰ বিকাশ ত্বৰান্বিত হ‘ব। এই সিদ্ধান্তই নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পৰিয়াল, যুৱ বৃত্তিধাৰী লোক আৰু প্ৰকল্প আধাৰিত হ্রস্বকালীন কামত নিয়োজিত লোকসকলক সকাহ প্ৰদান কৰিব।