আকৌ এবাৰ ইৰাণে প্ৰদান কৰে এক চাঞ্চল্যকৰ শাস্তি। ইৰাণৰ এগৰাকী গায়িক বলি হয় কঠোৰ শ্বৰীয়ত আইনৰ। ইৰাণৰ গায়ক মেহদি ইয়াৰহীক মহিলাৰ হিজাব সন্দৰ্ভত গোৱা গীতৰ বাবে ৭৪টা কোবৰ শাস্তি প্ৰদান কৰা হয়।
বুধবাৰে তেওঁৰ অধিবক্তাই কয় যে, চৰকাৰৰ হিজাব আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদক সমৰ্থন কৰাৰ বাবে তেওঁক শাস্তি দিয়া হৈছে। অধিবক্তা জাহৰা মিনৌইয়ে সামাজিক মাধ্যমত এটা পোষ্ট কৰিছে। ২০২৩ চনৰ আগষ্ট মাহত ৪২ বছৰীয়া য়াৰাহীক গ্ৰেপ্তাৰ কৰি তেহৰাণ বিপ্লৱী আদালতে দুবছৰ আঠ মাহৰ কাৰাদণ্ডৰ লগতে ৭৪টা কোবৰ শাস্তি প্ৰদান কৰিছিল। অৱশেষত তেওঁৰ শাস্তিৰ এবছৰ সম্পূৰ্ণ হ’ল আৰু তেওঁক ৭৪টা কোব প্ৰদান কৰি জৰিমনা বিহা হয়।
ইৰাণৰ চৰকাৰী প্ৰেছ সংস্থাই ২০২৩ চনত কৈছিল যে, য়াৰাহীৰ বিৰুদ্ধে ইছলামিক সমাজৰ নৈতিকতা আৰু ৰীতি-নীতিৰ বিৰুদ্ধে যোৱা এটা অবৈধ গীত মুকলি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।
এটা বিখ্যাত গীত ‘ৰুছাৰিটো’ (মূৰত হিজাব) মুকলি কৰাৰ ৪দিন পিছতেই তেওঁক আটক কৰি ৰখা হৈছিল। যাৰ গীতৰ কথা আছিল, “তোমাৰ হিজাব খুলি লোৱা, সূৰ্য্য অস্ত গৈছে। স্কাৰ্ফ খুলি লোৱা, চুলিখিনি তললৈ নমাই দিয়া” গীতটোৰ পিছৰ শাৰীটো আছিল, “ভয় নকৰিবা মোৰ প্ৰিয়! হাঁহা, চকুলো প্ৰতিহত কৰা।”
ইৰাণৰ শাসন ব্যৱস্থাই মানৱ অধিকাৰ আৰু নাৰীৰ অধিকাৰ দমন কৰাৰ অভিযোগ উত্থাপন হৈছে। যদিও ইৰাণে এনে সকলো অভিযোগ নাকচ কৰে, কিন্তু প্ৰতিদিনে অহা এনে খবৰবোৰে আন কথাৰহে উমান দিছে।