হংকঙত এতিয়া কান্দোনৰ ৰোল। ২৬ নৱেম্বৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছতে হংকঙ চহৰখনত নামিছে অমানিশা। উল্লেখ্য যে, মেৰামতিৰ কামত ব্যৱহৃত বাঁহত সূত্ৰপাত হোৱা জুইয়ে মূহূৰ্ততে ছানি ধৰিছিল হংকঙৰ প্ৰায় ২০০০ টা এপাৰ্টমেণ্ট থকা ৭টা অট্টালিকাৰ এটা হাউচিং কমপ্লেক্স।
অৱশ্যে বৰ্তমান এই অগ্নিকাণ্ড নিয়ন্ত্ৰণত আছে। বহুমহলীয়া আৱাসিক কমপ্লেক্সটোত হোৱা অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ পিছত আজি পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। বৰ্তমানলৈ মৃতকৰ সংখ্যা ৯৪জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২৮০ জনতকৈ অধিক লোক নিৰুদ্দেশ হৈ আছে। বিষয়াসকলে ইয়াক ৭০ বছৰৰ পিছত চহৰখনৰ আটাইতকৈ ভয়াৱহ ট্ৰেজেডী বুলি অভিহিত কৰে।
কৰ্তৃপক্ষই জনোৱা মতে, প্ৰথমাৱস্থাত ৪৩ জন গুৰুতৰভাৱে নিহত হয়। এইসকলৰ ভিতৰত এজন অগ্নিনিৰ্বাপক বাহিনীৰ সদস্যও আছিল। এতিয়াও বহু লোক অট্টালিকাসমূহত আৱদ্ধ হৈ আছে বুলি খবৰ পোৱা গৈছে। ৭ টা ব্লকৰ ভিতৰত ৪ টা ব্লকৰ বৃহৎ অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে বাকী ৩১ মহলীয়া অট্টালিকাসমূহৰ ওপৰৰ মহলাত সন্ধিয়ালৈকে অগ্নিকাণ্ড অব্যাহত আছে। এক বৃহৎ উদ্ধাৰ অভিযান চলি আছে আৰু আৱদ্ধ লোকসকলক অট্টালিকাৰ পৰা উলিয়াই অনা হৈছে।
ইতিমধ্যে চৰকাৰে অপৰাধমূলক তদন্তৰ নিৰ্দেশ দিছে। বিষয়াসকলে জনোৱা মতে, প্ৰতিটো ৩২ মহলীয়া ৭টা অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে হংকং চৰকাৰে ৩০ কোটি হংকং ডলাৰ (প্ৰায় ৪৩ মিলিয়ন মাৰ্কিন ডলাৰ) সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। শ শ স্থানচ্যুত বাসিন্দাক অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে।
১৯৮৩ চনত টাই প’ জিলাত নিৰ্মিত ৱাং ফুক ক’ৰ্ট কমপ্লেক্সটোত ১৯৮৪টা ফ্লেট থকা আঠটা বহুমহলীয়া অট্টালিকা আছে। ২০২১ চনৰ লোকপিয়ল অনুসৰি এই অট্টালিকাসমূহত প্ৰায় ৪৬০০ লোক থাকে। চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াৰ মতে, হংকং আৰক্ষীয়ে ২৭ নৱেম্বৰত ঘোষণা কৰিছিল যে এই অগ্নিকাণ্ডৰ সৈতে জড়িত ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।কিয়নো অট্ৰালিকাটোত মেৰামতিৰ কাম চলি থকাৰ সময়তেই জ্বলি থকা সামগ্ৰী তাতেই এৰি গৈছিল অভিযুক্তসকলে। যাৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।











