তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবীৰে দাবী কৰে যে বাবৰি মছজিদ নিৰ্মাণৰ বাবে বৰ্তমানলৈ ৫ কোটিতকৈ অধিক টকাৰ বৰঙণি জমা হৈছে। তেওঁ কয় যে, নতুনকৈ নিৰ্মাণ হব লগা এই মছজিদটো পূৰ্বতকৈ অধিক ওখ আৰু বহল হব। লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে, SIR ৰ বিষয়টোৱে মূৰ্ছিদাবাদত কোনো প্ৰভাৱ পেলাব নোৱাৰে। কবীৰে ইয়াকো ঘোষণা কৰে যে, তেওঁ ২২ ডিচেম্বৰত নিজৰ ৰাজনৈতিক পাৰ্টীৰ ঘোষণা কৰিব।
হুমায়ুন কবীৰে জনোৱা মতে, যিটো মডেলত মছজিদ নিৰ্মাণ কৰা হৈছে সেয়া পূৰ্বৰ মডেলতকৈ অধিক ডাঙৰ হ’ব। তেওঁ কয় যে, ইয়াৰ উচ্চতা প্ৰায় ৬৫ ফুট আৰু হ’ব।
মছজিদ নিৰ্মাণৰ বাবে এই পৰ্যন্ত ৫ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰা হৈছে বুলি কবীৰে জনায়। তদুপৰি লাভ কৰা নিৰ্মাণ সামগ্ৰীৰ মূল্য প্ৰায় ১.৫ৰ পৰা ২ কোটি টকা। তেওঁ কয় যে, যোৱা ৬ ডিচেম্বৰত মুৰ্ছিদাবাদত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
নিলম্বিত বিধায়কগৰাকীয়ে ২২ ডিচেম্বৰত দিনৰ ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত নতুন দলৰ ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে মছজিদৰ আধাৰশিলা স্থাপনৰ ঘোষণাৰ পাছত টিএমচিয়ে হুমায়ুন কবীৰক দলৰ পৰা নিলম্বন কৰে। এই সন্দৰ্ভত দলৰ কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ নকৰিলেও মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই পদক্ষেপত অসন্তুষ্ট হোৱা বুলি খবৰ ওলাইছিল।
ইফালে, আছাদুদ্দিন ওৱেছিৰ নেতৃত্বাধীন সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন চমুকৈ এআইএমআইএমৰ পশ্চিম বংগ ইউনিটে হুমায়ুন কবীৰৰ সৈতে মিত্ৰতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। এআইএমআইএমৰ ৰাজ্যিক সভাপতি ইমৰাণ সোলাংকিয়ে কয় যে, কবীৰৰ সৈতে আলোচনা চলি আছে আৰু দুয়োটা দলে আগন্তুক বিধানসভা নিৰ্বাচনত কিছুমান আসনৰ ওপৰত মিত্ৰজোঁটৰ সম্ভাৱনাৰ সন্ধান কৰি আছে।
ইমৰাণ সোলাংকিয়ে উল্লেখ কৰে যে, আছাদুদ্দিন ওৱাইছিৰ শক্তিশালী ৰাষ্ট্ৰীয় উপস্থিতিৰ বাবেই হুমায়ুন কবীৰে এআইএমআইএমৰ সৈতে মিত্ৰতাৰ প্ৰতি আগ্ৰহী। তেওঁ স্পষ্ট কৰি দিয়ে যে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচিয়ে মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত ল’ব।









