বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ অভিযানৰ সময়ত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। নিৰ্বাচন আয়োগৰ উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, নেপাল, বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অবৈধভাৱে আহি বিহাৰত থাকিবলৈ লোৱা বৃহত সংখ্যক লোকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাইছে।
সূত্ৰটোৱে লগতে জানিব দিয়ে যে এই সন্দৰ্ভত গভীৰ তদন্ত চলি আছে আৰু চলিত বৰ্ষৰে ১ আগষ্টৰ পিছত যিসকলৰ নাম নাহে, তেওঁলোকক ৩০ ছেপ্তেম্বৰত প্ৰকাশ পাবলগীয়া চূড়ান্ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা নহ’ব।
চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পিছতেই অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰকৃত সংখ্যা ৰাজহুৱা কৰিব বুলি সূত্ৰটোৰ তৰফৰ পৰা কোৱা হৈছে।
ইফালে ভোটাৰ গণনা প্ৰ-পত্ৰ পূৰণ আৰু প্ৰয়োজনীয় সবিশেষ যেনে নাম, জন্ম তাৰিখ, ঠিকনা, আধাৰ নম্বৰ, ভোটাৰ আই ডি নম্বৰ আদি অন্তৰ্ভুক্তিৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ হৈ উঠিছে। আয়োগৰ তথ্য অনুসৰি এই পৰ্যন্ত যোগ্য ভোটাৰৰ ৮০ শতাংশতকৈ অধিক লোকে প্ৰ-পত্ৰ দাখিল কৰিছে।