ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজিৰ পৰা আৰম্ভ হৈছে টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত শোচনীয় প্ৰদৰ্শন কৰে ৱেষ্ট ইণ্ডিজৰ বেটছমেনসকলে। দলটোৱে মাত্ৰ ১৬২ ৰানতে অলআউট হয়।
ভাৰতৰ হৈ মহম্মদ ছিৰাজ, যশপ্ৰীত বুমৰাহ আৰু কুলদীপ যাদৱে যথেষ্ট উন্নতমানৰ প্ৰদৰ্শন আগবঢ়ায়। ছিৰাজে চাৰিটা, বুমৰাহে তিনিটা, কুলদীপ যাদৱে দুটা আৰু ৱাশ্বিংটন সুন্দৰে এটা উইকেট লাভ কৰে।
মেচখনৰ প্ৰথম ইনিংছত তিনিটা উইকেট লাভ কৰাৰ লগে লগে যশপ্ৰীত বুমৰাহৰ নামত সংযোজন হয় এক বিশেষ অভিলেখ। বুমৰাহে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ ভূমিত ৫০টা উইকেট সম্পূৰ্ণ কৰিছে। তেওঁ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ঘৰৰ মাটিত ৫০টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বেগী বলাৰ হিচাপে পৰিগণিত হয়।
বুমৰাহৰ পূৰ্বে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ৰবিচন্দ্ৰন অশ্বিন (১৪৯ উইকেট) আৰু ৰবীন্দ্ৰ জাদেজাই (৯৪ উইকেট) ঘৰুৱা ভূমিত ৫০ টাতকৈ অধিক উইকেট দখল কৰিছে। অৱশ্যে দুয়োজনেই স্পিনাৰ।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ঘৰুৱা ভূমিত মুঠ ১৩ খন মেচ খেলি এই সময়ছোৱাত বুমৰাহে ৫০ টা উইকেট দখল কৰে। এই সময়ছোৱাত তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল এটা ইনিংছত ৪৫ ৰানত ৬টা উইকেট।